NORTHEAST NOW (Assamese)
Popular Stories

আজি পুৱা পুনৰ ভূমিকম্পই জোঁকাৰি গ’ল মিজোৰামক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2020 3:48 pm

আজি পুৱা ৮.০২ বজাত পুনৰ এক মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি অসমৰ যায় চুবুৰীয়া ৰাজ্য মিজোৰামক।

ৰাষ্ট্ৰীয় ভূমিকম্পবিদ্যা কেন্দ্ৰৰ(National Center for Seismology)ৰ মতে মিজোৰামৰ চেম্ফাই জিলাৰ পৰা ৩১ কিঃ মিঃ দক্ষিণ দক্ষিণ-পশ্চিমত তথা ১০ কিঃ মিঃ গভীৰত ৪.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল।

উল্লেখযোগ্য যে যোৱা ১৬ ঘণ্টাত ৰাজ্যখনত অহা এইটো দ্বিতীয়টো ভূমিকম্প। ইয়াৰ পূৰ্বে মঙলবাৰে নিশা ১১.০৩ বজাত ৰাজ্যখনত ৩.২ প্ৰাবল্যৰ এটা ভূমিকম্প অনুভূত হয়।

উক্ত ভূমিকম্পটোৰ অভিকেন্দ্ৰ চেম্ফাইৰ পৰা ৭০ কিঃ মিঃ দক্ষিণ-পূব আৰু ১০ কিঃমি গভীৰত আছিল বুলি National Center for Seismology-এ জানিবলৈ দিয়ে।

যোৱা কিছুদিন ধৰি মিজোৰামত ঘনাই এনে ভূমিকম্প অনুভূত হৈ আছে।

২২ জুনৰ পোৱা এটা ৫.৩ প্ৰাবল্যৰ ভূমিকম্পই ৰাজ্যখনক জোঁকাৰি গৈছিল। ৰাষ্ট্ৰীয় ভূমিকম্পবিদ্যা কেন্দ্ৰৰ তথ্য অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তৰ চেম্ফাই জিলাৰ জোকহাউথাৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল।