NORTHEAST NOW (Assamese)

ভূমিকম্পই জোঁকাৰি গ’ল উত্তৰপূব ভাৰতসহ ম্যানমাৰ আৰু বাংলাদেশ

May 25, 2020 9:22 pm · এন ই নাও নিউজ

আজি সন্ধিয়া এক ভূমিকম্পই জোঁকাৰি গ’ল উত্তৰ পূৱ ভাৰতৰ সৈতে ম্যানমানৰ আৰু বাংলাদেশ।

সন্ধিয়া ৮.১৫ মিনিটত অহা ৫.১ প্ৰাৱল্যৰ ভূমিকম্পটোৱে উত্তৰ পূৱৰ অসম, মেঘালয়, নগালেণ্ড, মণিপুৰ আৰু মিজোৰাম জোঁকাৰি যায়।

প্ৰাৰম্ভিক তথ্যৰ অনুসৰি ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল মণিপুৰ।

ইফালে ভূমিকম্পৰ সম্পৰ্কত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইট কৰিছে।

‘ভাৰত-ম্যানমাৰৰ সীমান্তত ৬১ কিলোমিটাৰ গভীৰত ৫.২ প্ৰাৱল্যৰ এক ভূমিকম্পৰ অনুভূত হয়।’

 

বাতৰি প্ৰস্তুত কৰি থকালৈকে ভূমিকম্পৰটোৰ ফলত হোৱা ক্ষয় ক্ষতিৰ কোনো বাতৰি অহা নাই।

Related News