NORTHEAST NOW (Assamese)
অসম

শনিবাৰে পুৱাই ভূমিকম্পই জোকাৰি গ’ল শোণিতপুৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 8, 2020 8:36 am
earthquake-600x375

শনিবাৰে পুৱাতে শোণিতপুৰত ৩,৫ৰিখটাৰ স্কেলৰ এটা ভূমিকম্পই জোকাৰি যায়।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ মতে ভূমিকম্পৰ জোকাৰণিটো শনিবাৰে পুৱা ৫.২৬বজাত সংঘটিত হয়।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিগত কেইমাহ ধৰি বহুকেইটা মজলীয়া ধৰণৰ ভূমিকম্পই জোকাৰি গৈছে।

যোৱা ১৬ জুলাইত কৰিমগঞ্জত এটা ৪.১ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গৈছিল।

বিগত কেইমাহত মিজোৰামত আটাইতকৈ বেছি ভূমিকম্পৰ জোকাৰণি অনুভিত হয়।

ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত হোৱা ধাৰাবাহিক ভূমিকম্পৰ ফলত বহু সা-সম্পত্তিৰ ক্ষতি হৈছে।