NORTHEAST NOW (Assamese)
অসম

সৰু নহয়! ৫.১ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল অসম; চুবুৰীয়া ৰাজ্যতো অনুভুত কম্পন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 5, 2026 7:32 am
সৰু নহয়! ৫.১ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল অসম; চুবুৰীয়া ৰাজ্যতো অনুভুত কম্পন

সোমবাৰে পুৱতি নিশা ৪:১৭:৪০ বজাত ৫.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে এই ভূমিকম্পৰ উৎপত্তিস্থল অসমৰ মৰিগাঁৱত।

অসমৰ কেইবাখনো জিলাৰ লগতে মেঘালয়ৰ শ্বিলঙতো এই কঁপনি অনুভূত হয়। জানিব পৰা মতে, অসম-পশ্চিমবংগৰ সীমান্তৰ কোচবিহাৰতো এই ভূমিকম্পৰ জোকাৰণি অনুভুত হয়।

গুৱাহাটী মহানগৰীতো এই শক্তিশালী ভূমিকম্পৰ জোকাৰণিয়ে মানুহৰ মাজত আতংকৰ সৃষ্টি কৰে।

এন চি এছৰ তথ্য অনুসৰি, অসমৰ মৰিগাঁৱত ২৬.৩৭° উত্তৰ অক্ষাংশ আৰু ৯২.২৯° পূব দ্ৰাঘিমাংশত, ৫০ কিলোমিটাৰ গভীৰতাত এই ভূগৰ্ভ কেন্দ্ৰটো আছিল।

এতিয়ালৈকে কোনো লোক হতাহত বা বৃহৎ ক্ষতিৰ খবৰ পোৱা হোৱা নাই। কৰ্তৃপক্ষই বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ আৰু আফটাৰশ্বকৰ ক্ষেত্ৰত সুৰক্ষাৰ সাৱধানতা মানি চলিবলৈ আহ্বান জনাইছে।