NORTHEAST NOW (Assamese)
অসম

ভূমিকম্পই কঁপাই গ’ল অসমক, ১৯৫০ চনৰ ১৫ আগষ্টতেই হৈছিল ঐতিহাসিক বৰ ভূইকঁপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 14, 2023 10:08 pm

সোমবাৰে নিশা ৮.১৯ বজাত ৫.৪ ৰিখটাৰ স্কেলৰ এক ভূমিকম্পই ৰাজ্যখন কঁপাই থৈ যায়।

ভূগৰ্ভৰ ১৬ কিলোমিটাৰ তলত সংঘটিত হোৱা এই ভূমিকম্পৰ কেন্দ্ৰস্থল মেঘালয়ৰ চেৰাপুঞ্জী বুলি জানিব পৰা গৈছে।  ১০ ছেকেণ্ড পৰ্যন্ত এই জোকাৰণি অনুভূত হয়।

এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ হতাহতি বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ এতিয়ালৈকে পোৱা নাই।

উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ১৪ মাৰ্চৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কমেও ৩০টা লঘু ভূমিকম্পৰ সৃষ্টি হয়। 

ভূমিকম্পবিজ্ঞানীসকলৰ মতে উত্তৰ-পূব ভূমিকম্পীয় V জ’নত পৰে আৰু উত্তৰ আৰু পূব অংশত সক্ৰিয় থ্ৰাষ্ট জ’ন আৰু ছাবডাকচন জ’নে আগুৰি আছে। ইয়াৰ উপৰিও উত্তৰ-পূব অঞ্চলৰ ভিতৰত বহু সক্ৰিয় ফল্ট লাইন সিঁচৰতি হৈ আছে যাৰ ফলত অঞ্চলটোত সঘনাই ভূমিকম্প হয়।

এই অঞ্চলত ৮ ৰিখটাৰকৈও অধিক স্কেলত ভূমিকম্প হোৱাৰ তথ্য আছে। কেইবাটাও বিধ্বংসী ভূমিকম্পৰ ফলত উত্তৰ পূবত বিভিন্ন প্ৰাকৃতিক পৰিৱৰ্তন ঘটিছিল।

১৮৯৭ চনৰ ১২ জুন তাৰিখে পুৱা ১১:০৬ বজাত সংঘটিত হোৱা ভূমিকম্পৰ আনুমানিক মুহূৰ্তৰ মাত্ৰা আছিল ৮.২-৮.৩। ইয়াৰ ফলত প্ৰায় ১৫৪২ জন মানুহৰ মৃত্যু হৈছিল। 

১৯৫০ চনৰ ১৫ আগষ্টত হোৱা বৰ ভূইকঁপৰ মাত্ৰা আছিল ৮.৬ৰিখটাৰ। মিচিমি পাহাৰত অৱস্থিত আছিল এই ভূমিকম্পৰ কেন্দ্ৰ। গধূলি ৭:৩৯ বজাত সংঘটিত হোৱা এই ভূমিকম্পটোৱে ভাৰত আৰু তিব্বত দুয়োখন দেশতে ধ্বংসাত্মক ৰূপ ধাৰণ কৰিছিল আৰু প্ৰায় ৪৮০০ লোকৰ মৃত্যু হৈছিল।