NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীকে ধৰি ৰাজ্যত ভূমিকম্পৰ জোকাৰণি; ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৪.৮

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 16, 2023 10:58 am

পুনৰ এক ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে কঁপাই গ’ল ৰাজ্য। পুৱা কিছু সময় পূৰ্বে ৰাজ্যখনত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।

আজি পুৱা ১০ বাজি ১৬ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্ততো অনুভূত হয় এই জোকাৰণি। এই ভূমিকম্পৰ জোকাৰণি উত্তৰ পূৰ্বাঞ্চলৰ আন স্থানৰ লগতে বাংলাদেশতো অনুভূত হৈছে। 

লগতে পঢ়ক: চৰিত্ৰহনন! বিতর্কিত লেখিকা শিখা শর্মাক আটক দিছপুৰ আৰক্ষীৰ; গ্ৰেপ্তাৰৰ সম্ভাৱনা

ৰিখটাৰ স্কেলট এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৮। ভূমিকম্পৰ অভিকেন্দ্ৰ বাংলাদেশৰ চিলেটৰ পৰা ১২ কিলোমিটাৰ পূবত বুলি জানিব পৰা গৈছে।

ভূমিকম্পৰ ফলত কোনো ক্ষয়–ক্ষতিৰ খৱৰ এতিয়ালৈকে পোৱা হোৱা নাই।