NORTHEAST NOW (Assamese)
অসম

দুটাকৈ প্ৰবল ভূমিকম্পই জোকাৰি গ’ল ম্যানমাৰ; দিল্লীকে ধৰি ভাৰতৰো বহু অংশতো অনুভুত কম্পন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 28, 2025 1:09 pm
দুটাকৈ প্ৰবল ভূমিকম্পই জোকাৰি গ’ল ম্যানমাৰ; দিল্লীকে ধৰি ভাৰতৰো বহু অংশতো অনুভুত কম্পন

ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰক জোকাৰি গ’ল এক প্ৰবল ভূমিকম্পই। এই ভূমিকম্পই আনকি ভাৰতৰো বহু অংশ কঁপাই তোলে।

১২ মিনিটৰ ব্যৱধানত একেৰাহে দুটা ভূমিকম্পৰ জোকাৰণি অনুভুত হৈছিল। শুকুৰবাৰে পুৱা ১১:৫০ বজাত প্ৰথম কম্পন অনুভুত হয়। পৰৱৰ্তী ভূমিকম্পটো ১২:০২ বজাত সংঘটিত হয়।

এই দুটা ভূমিকম্পৰ প্ৰাবল্য আছিল ক্ৰমে ৰিখটাৰ স্কেলত ৭.৭ আৰু ৭.২।

ভাৰতৰ ভূমিকম্প নিৰীক্ষণ সংস্থা নেচনেল চেণ্টাৰ ফৰ ছিছম’লজিয়ে জনোৱা মতে, প্ৰথমটো কম্পন ৰিখটাৰ স্কেলত ৭.২ আৰু দ্বিতীয়টো ৭.০।

কিন্তু আমেৰিকাৰ ভূতাত্ত্বিক নিৰীক্ষণ সংস্থা ইউ এছ জিঅ’লজিকেল চাৰ্ভে অৱ ইণ্ডিয়াই ম্যানমাৰত ভূমিকম্পৰ খবৰ দিয়ে। ইয়াৰ মাত্ৰা ৭.৭। দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বৃহৎ অঞ্চলত কম্পন অনুভূত হয়।