NORTHEAST NOW (Assamese)
অসম

ইণ্ডোনেছিয়াত ভূমিকম্প; ১০ গৰাকী লোকৰ মৃত্যু পাঁচ শতাধিক আঘাতপ্ৰাপ্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 15, 2021 11:59 am

ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপত অহা ৬.২ প্ৰাবল্যৰ এটা ভূমিকম্পৰ ফলত অতিকমেও ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে পাঁচ শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছে।

দেশখনৰ বতৰ বিজ্ঞান বিভাগে ভূমিকম্পটোৰ ফলত আৰু অধিক লোকৰ মৃত্যু হোৱাৰ লগতে সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে, ভূমিকম্পৰ পাছত ছুনামি আহিব পৰাৰো শংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

বৃহস্পতিবাৰে নিশা ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ পাছত আতংকিত হৈ পৰা জনসাধাৰণ ঘৰৰ বাহিৰলৈ ওলাই আহে আৰু ওখ ঠাইত অৱস্থান কৰে।

পশ্চিম চুলাৱেছি চৰকাৰৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি দ্বীপটোৰ মাজেনেত ১০ গাৰকী লোকৰ ভূমিকম্পৰ ফলত পোৱা আঘাতত মৃত্যু হৈছে।

ইতিমধ্যে দেশখনৰ উদ্ধাৰকাৰী বাহিনীয়ে অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

ইণ্ডোনেছিয়াৰ চৰকাৰে ইতিমধ্যে দেশখনৰ জনসাধাৰণক ছুনামিৰ বাবেও সতৰ্ক কৰি দি সাগৰৰ পাৰলৈ নাযাবলৈ নিৰ্দেশনা জাৰি কৰিছে।