NORTHEAST NOW (Assamese)
অসম

মৃদু ভূমিকম্পই জোকাৰি গ’ল অসমৰ লগতে উত্তৰপূবকো

Posted by: এন ই নাও নিউজ April 4, 2019 4:52 pm
মৃদু ভূমিকম্পই জোকাৰি গ’ল অসমৰ লগতে উত্তৰপূবকো

অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যকেইখনতো আজি এক মৃদু ভূমিকম্পই জোকাৰি যায়। আজি দিনৰ প্ৰায় ১.১৫ বজাত অনুভূত হৈছিল এই মৃদু ভূমিকম্পৰ জোকাৰণি।

প্ৰাপ্ত তথ্য মতে এই মৃদু ভূমিকম্প ৫.৫ ৰিখটাৰ স্কেলত আহিছিল। অৱশ্যে বৰ্তমানলৈকে এই ভূমিকম্পত ক্ষয়ক্ষতিৰ কোনো খবৰ পোৱা নাই।

আনহাতে আজি দিনৰ ভাগত অনুভূত হোৱা এই মৃদু ভূমিকম্পৰ উৎপত্তিস্থল মণিপুৰৰ সেনাপতি জিলা বুলি জানিব পৰা গৈছে।

মহানগৰীৰৰ উপকণ্ঠ অঞ্চলত অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি। আজি দিনত অহা এই মৃদু ভূমিকম্পই অসমৰ লগতে মণিপুৰ আৰু নাগালেণ্ড, হাফলং, শিলচৰতো জোকাৰি যায়।