NORTHEAST NOW (Assamese)

বন বিষয়া ৰোহিণী বল্লভ শইকীয়ালৈ বালিপাৰা ফাউণ্ডেশ্যনৰ ইষ্টাৰ্ণ হিমালয়ান কনজাৰ্ভেছন বঁটা

November 7, 2019 10:46 am · উত্তম শইকীয়া

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰাজ্যৰ বন আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে বন বিভাগৰ উপ বন সংৰক্ষক ৰোহিনী বল্লভ শইকীয়াক বুধবাৰে অৰ্থাৎ ৬ নৱেম্বৰত বালিপাৰা ফাউণ্ডেশ্যনৰ ইষ্টাৰ্ণ হিমালয়ান কনজাৰ্ভেচন এৱাৰ্ড প্ৰদান কৰা হয়।

বুধবাৰে গুৱাহাটীত আয়োজিত বালিপাৰা ফাউণ্ডেশ্যনৰ ‘নেচাৰনমিকচ’ নামৰ এক বৰ্ণাঢ্য অনুষ্ঠানত ভাৰতীয় বন সেৱা বিষয়া ৰোহিণী বল্লভ শইকীয়াক এই বঁটা প্ৰদান কৰে বালিপাৰা ফাউণ্ডেশ্যনে ৷ উল্লেখযোগ্য যে ৰোহিনী বল্লভ শইকীয়াই বিগত তিনিটা বছৰ কাল কাজিৰঙাত ডি এফ অ’ হিচাপে কৰ্মৰত আছিল ৷

বিগত সময়ছোৱাত ৰোহিণী বল্লভ শইকীয়াৰ নেতৃত্বত কাজিৰঙাত গঁড় হত্যা বহু পৰিমাণে নিয়ন্ত্ৰিত হোৱাৰ উপৰি ১৪২ টাকৈ চোৰাংচিকাৰী কাজিৰঙাৰ কৰ্তৃপক্ষই কৰায়ত্ত কৰি ভালে সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈও সক্ষম হৈছিল।

পূৰ্বতে হোৱা ধাৰাবাহিক গঁড় হত্যাৰ পটভূমিতেই কাজিৰঙাৰ ডি এফ অ’ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি কাজিৰঙাত গঁড় হত্যা নিয়ন্ত্ৰণত সফল হৈছিল ৰোহিণী শইকীয়া আৰু তেওঁৰ দল।

বৰ্তমান ৰোহিণী বল্লভ শইকীয়া অসমৰ বন বিভাগৰ এজন উপ বনসংৰক্ষক হিচাপে গুৱাহাটিত কৰ্মৰত। ৰোহিণী বল্লভ শইকীয়াৰ ঘৰ নুমলীগড়ৰ বিষ্ণুপুৰত।

Related News