NORTHEAST NOW (Assamese)

লাডাখ সংকট: ১২ অক্টোৱৰৰ দিনটো কিয় গুৰুত্বপূৰ্ণ ভাৰতৰ বাবে?

October 5, 2020 11:13 am · এন ই নাও নিউজ

চীন-ভাৰত সংঘাতকলৈ এতিয়াও বৰফ গলা নাই লাডাখত।

ইতিমধ্যে লাডাখত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিবেশ স্বাভাৱিক কৰাৰ বাবে চীনৰ সৈতে ভাৰতৰ ছয় লানি আলোচনা অনুষ্ঠিত হৈ গৈছে যদিও সেইআলোচনাই কোনো ফল ধৰা নাই।

ইয়াৰ মাজতে ১২ অক্টোৱৰৰ দিনটো ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ দিন হৈ পৰিছে।

কিয়নো সেই দিনটোত ভাৰতে এগৰাকী নতুন সেনা বিষয়াৰ নেতৃত্বত চীনৰ সৈতে সপ্তম লানি আলোচনাত মিলিত হ’ব।

বিগত ছয় লানি আলোচনাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিঙে।

কিন্তু সপ্তম লানি আলোচনাত হৰিন্দৰ সিঙৰ ঠাইত দায়িত্ব গ্ৰহণ কৰিব লেফটেনেণ্ট জেনেৰেল পিজিকে মেননে।

নতুন সেনা বিষয়া গৰাকীয়ে আলোচনাক কি দিশেৰে লৈ যায় সেয়া লক্ষ্যণীয় হ’ব।

উল্লেখ্য ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ চীনে এতিয়ালৈকে ভাৰতৰ ৩৮ হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল দখল কৰিছে।
লোকসভাৰ মজিয়াত এই তথ্য সদৰী কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

ৰাজনাথ সিঙে কৈছিল যে দেশৰ বিভিন্ন সীমান্তৱৰ্তী অঞ্চলত চীনে ৩৬ হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল দখল কৰি ৰখাৰ লগতে চাইনো-পাকিস্তান অঞ্চলৰ ৯ হাজাৰ ১৫০ বৰ্গ কিলোমিটাৰ অঞ্চল পাকিস্তানে চীনৰ হাতত তুলি দিছে।

এই অঞ্চলটো ভাৰতৰে যদিও দ্বিপাক্ষিক বিবাদৰ বাবে উক্ত অঞ্চলটোত পাকিস্তানে নিজৰ নিয়ন্ত্ৰণত ৰাখিছে।

ৰাজ্যসভাৰ মজিয়াত ৰাজনাথ সিঙে লগতে কয় যে চীনে এতিয়াও ভাৰতৰ প্ৰায় ৯০ হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল নিজৰ বুলি দাবী কৰি আহিছে।

এইক্ষেত্ৰত ভাৰতে প্ৰয়োজন সাপেক্ষে চীনৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰাৰো ইংগিত দিছিল ৰাজনাথ সিঙে।

Related News