NORTHEAST NOW (Assamese)
Popular Stories

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 10, 2025 4:40 pm

ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ বাবে আইপিএল স্থগিত ৰখাৰ পাছতে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট বৰ্ডে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ বাকী থকা মেচসমূহ আয়োজনৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডলৈ প্ৰস্তাৱ আগবঢ়াইছে। ৯ মেত ধৰশালাত পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হোৱা খেলৰ মাজভাগত বিমান আক্ৰমণৰ সতৰ্কবাণী আৰু ওচৰৰ সামৰিক কাৰ্যকলাপৰ ফলত ব্লেকআউট হোৱাৰ বাবে বিচিচিআইয়ে আইপিএল এসপ্তাহৰ বাবে স্থগিত ৰাখিছিল। এই সিদ্ধান্তৰ মূলতে আছিল ৭ মেত ভাৰতৰ অপাৰেচন সিন্দূৰ, পাকিস্তান আৰু পিঅ’কেত সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি লোৱা আৰু তাৰ পাছত পাকিস্তানৰ প্ৰতিশোধমূলক আক্ৰমণ।

ইচিবিৰ মুখ্য কাৰ্যবাহী ৰিচাৰ্ড গল্ডে কয় যে, “আমি যত পাৰো বিচিচিআইসহায় কৰিম। উল্লেখ্য যে, ভাৰতীয় স্থানসমূহ অসুৰক্ষিত বুলি গণ্য হলে ইংলেণ্ডে হস্তক্ষেপ কৰিবলৈ ইচ্ছুক হোৱাৰ সংকেত দিয়ে। এই প্ৰস্তাৱত প্লে অফকে ধৰি বাকী ১৬খন মেচ আগষ্ট মাহত ইংলেণ্ডত ভাৰতৰ পাঁচখন টেষ্ট শৃংখলা সমাপ্ত হোৱাৰ পাছত ছেপ্টেম্বৰ মাহত আয়োজন কৰাৰ পৰামৰ্শ দিয়া হৈছে

স্মৰ্তব্য যে, ইচিবিয়ে প্ৰথমবাৰৰ বাবে এনে অফাৰ দিয়া নাই; ২০২১ চনত কভিড-১৯ মহামাৰীৰ সময়তো একেধৰণৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছিল যদিও অৱশেষত ইউএইত আইপিএল সম্পূৰ্ণ হৈছিল। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভগানেও এই ধাৰণাক সমৰ্থন কৰি এক্সত পৰামৰ্শ দিছিল যে ব্ৰিটেইনত আইপিএল আয়োজন কৰিলে ভাৰতীয় খেলুৱৈসকলে ২০ জুনত আৰম্ভ হবলগীয়া টেষ্ট শৃংখলাৰ বাবে থাকিব পাৰিব।

আইপিএল স্থগিত ৰখাৰ বাবে একাংশ খেলুৱৈ লজিষ্টিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, ইতিমধ্যে জোছ বাটলাৰ আৰু জোফ্ৰা আৰ্চাৰকে ধৰি ১০ গৰাকী ইংৰাজ খেলুৱৈয়ে ভাৰত এৰি থৈ গৈছে। বহুতে ৮ মেত উৰা মাৰিছিল, আনহাতে আন কিছুমানে অধিক আপডেটৰ বাবে অপেক্ষা কৰিবলৈ ডুবাইলৈ ৰাওনা হৈছিল। ইচিবিৰ এই প্ৰস্তাৱে সম্ভাৱ্য সমাধান প্ৰদান কৰিলেও বিচিচিআইয়ে এতিয়াও পৰৱৰ্তী পদক্ষেপ নিশ্চিত কৰা নাই, যাৰ ফলত চলি থকা ভাৰত-পাক সংঘাতৰ মাজতে আইপিএল ২০২৫ৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে।