NORTHEAST NOW (Assamese)

বোকাখাতৰ নিউ হৰাইজন বিদ্যালয়লৈ ‘ই চি ডি এফ ৰাষ্ট্ৰীয় বঁটা’

October 21, 2019 6:28 pm · উত্তম শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

শিশু আৰু নাৰী কল্যানৰ বাবে গঠিত ডি এন আচাৰ্য ফাউণ্ডেশ্যনে বোকাখাতৰ নিউ হৰাইজন নামৰ বিদ্যালয় খনক ভাৰতৰ ১০ খন শ্ৰেষ্ঠ বিদ্যালয়ৰ এখন হিচাবে বাচনি কৰি ‘আৰ্লি চাইল্ডহুড কনফাৰেঞ্চ এণ্ড এৱাৰ্ড’ বঁটা প্ৰদান কৰে।

ফাউণ্ডেশ্যনৰ উদ্যোগত যোৱা ২০ অক্টোবৰত গুৱাহাটীৰ নেডফি হাউচত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে নিউ হৰাইজন বিদ্যালয়ক এই বঁটা প্ৰদান কৰা হয়।

বিদ্যালয় খনৰ হৈ পৰিচালন সঞ্চালক ড০ বাবুলাল মোৰে এই বঁটা গ্ৰহণ কৰে। এই বঁটা প্ৰদান কৰে ডি এন আচাৰ্য ফাউণ্ডেশ্যনৰ হৈ প্ৰতিষ্ঠাপক সভাপতি ড০ বাসবী আচাৰ্য বৰাই।

বঁটা লাভৰ পাছত আজি বোকাখাতৰ নিউ হৰাইজন নামৰ বিদ্যালয়ত এক বিশেষ সভা অনুষ্ঠিত হয়। অনুষ্ঠানত বিদ্যালয়খনে লাভ কৰা এই কৃতিত্বৰ বাবে ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ লগতে সমূহ শিক্ষক-কৰ্মচাৰীয়ে আনন্দ প্ৰকাশ কৰে।

Related News