NORTHEAST NOW (Assamese)

ঘোষণা হ’ল উত্তৰ-পূবৰ তিনি ৰাজ্যৰ নিৰ্বাচনৰ দিন

January 18, 2023 4:30 pm · এন ই নাও নিউজ, গুৱাহাটী

নিৰ্বাচন আয়োগে আজি ঘোষণা কৰিছে উত্তৰ-পূবৰ তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন। তিনি ৰাজ্য ক্ৰমে ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে আয়োগে।

আয়োগৰ ঘোষিত সূচী অনুসৰি ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত, ২৭ তাৰিখে মেঘালয় আৰু নাগালেণ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে ২ মাৰ্চত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।

উল্লেখ্য যে অহা মাৰ্চ মাহত সামৰণি পৰিব ৰাজ্য কেইখনৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল। ১২ মাৰ্চত নাগালেণ্ড, ১৫ মাৰ্চত মেঘালয় আৰু ২২ মাৰ্চত ত্ৰিপুৰাৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকালৰ অন্ত পৰিব।

লক্ষণীয়ভাৱে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া তিনিওখন ৰাজ্যতে আসনৰ সংখ্যা ৬০ খন। বৰ্তমান ত্ৰিপুৰাত বিজেপি চৰকাৰ থকাৰ বিপৰীতে নাগালেণ্ডত ক্ষমতাত আছে নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি।

আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভ কৰা একমাত্ৰ দল নেচনেল পিপলছ পাৰ্টিয়ে মেঘালয়ত চৰকাৰ চলাই আছে।

Related News