NORTHEAST NOW (Assamese)
অসম

অসমসহ ৪ খন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা! বিয়লি সংবাদমেল নিৰ্বাচন আয়োগৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 15, 2026 10:57 am
অসমসহ ৪ খন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা! বিয়লি সংবাদমেল নিৰ্বাচন আয়োগৰ

অসম, পশ্চিমবংগ, তামিলনাডুকে ধৰি চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হ’ব। দেশজুৰি বৃহৎ নিৰ্বাচনী যুঁজৰ কাউণ্টডাউন মাথোঁ সময়ৰ অপেক্ষা। আজি বিয়লি ৪ বজাত নিৰ্বাচন আয়োগে এখন সংবাদমেল অনুষ্ঠিত কৰিব। জানিব পৰা মতে, নিৰ্বাচনৰ তাৰিখ আৰু সময় তাতেই ঘোষণা কৰা হ’ব পাৰে।

এইবাৰ অসম, কেৰালা, পশ্চিমবংগ, তামিলনাডু, আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। যাৰ বাবে আয়োগে সময়মতে নিৰ্বাচন আয়োজন কৰাৰ প্ৰস্তুতি চলাইছে।

সূত্ৰ অনুসৰি সম্ভাৱ্য সময়সূচী মতে এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে। আৰু মে’ মাহৰ আৰম্ভণিতে ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে।

ইতিমধ্যে আয়োগে নিৰ্বাচন আয়োজনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। বিভিন্ন ৰাজ্যত নিৰ্বাচনৰ প্ৰস্তুতিৰ অগ্ৰগতি পৰীক্ষা কৰা হৈছে। একে সময়তে ভোটাৰ তালিকা চূড়ান্ত কৰা হৈছে। নিৰাপত্তাৰ ব্যৱস্থাও পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হৈছে।

নিৰ্বাচনৰ সম্ভাৱ্য তাৰিখ, পৰ্যায়ক্ৰমে ভোটদান আৰু গণনাৰ তাৰিখ আজি বিয়লি সংবাদমেলত ঘোষণা কৰাৰ সম্ভাৱনা আছে। আয়োগৰ ঘোষণাৰ পাছত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ আনুষ্ঠানিক যুঁজ আৰম্ভ হ’ব।