NORTHEAST NOW (Assamese)
দেশ

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 15, 2025 10:57 am

ভাৰত-পাকিস্তান সংঘাতৰ সময়ত পাকিস্তানক প্ৰকাশ্যে সমৰ্থন কৰাৰ লগতে সামৰিক সা-সৰঞ্জাম যোগান ধৰাৰ অভিযোগত স্বদেশী জাগৰণ মঞ্চই তুৰ্কীৰ বিৰুদ্ধে অৰ্থনৈতিক অবৰোধৰ দাবী জনাইছে। এই মঞ্চই তুৰ্কীৰ বিভিন্ন সামগ্ৰী বৰ্জনৰ লগতে ভাৰতীয় পৰ্যটকসকলক তুৰ্কীৰ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈও অনুৰোধ জনাইছে। তেওঁলোকে উল্লেখ কৰিছে সংঘাতৰ সময়ত পাকিস্তানক মুকলিকৈ সহায় কৰা একমাত্ৰ দেশ হ’ল তুৰস্ক। মঞ্চৰ আহ্বায়ক অশ্বিনী মহাজনে কয়, চীনৰ পিছত পাকিস্তানক অস্ত্ৰ যোগান ধৰা দ্বিতীয় বৃহত্তম দেশ হৈছে তুৰস্ক। তেওঁৰ মতে, তুৰ্কী-পাকিস্তানৰ প্ৰতিৰক্ষা চুক্তি কেৱল বাণিজ্যিক নহয়, মতাদৰ্শগতভাৱেও পাকিস্তানৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে দক্ষিণ এছিয়াৰ স্থিতিশীলতাত ব্যাঘাত সৃষ্টি কৰিবলৈ কাম কৰিছে।

পৰিসংখ্যা অনুসৰি, যোৱা তিনিটা বিত্তীয় বছৰত গড়ে প্ৰায় দুই লাখ ভাৰতীয়ই তুৰস্ক ভ্ৰমণ কৰিছে। স্বদেশী জাগৰণ মঞ্চই দেশৰ নাগৰিকক তুৰস্ক ভ্ৰমণ বৰ্জনৰ আহ্বান জনাইছে। ইতিমধ্যে ৰাজস্থানৰ মাৰ্বল কোম্পানী আৰু পুনেৰ আপেল ব্যৱসায়ীসকলে তুৰ্কীৰ পৰা আমদানি বন্ধ কৰিছে। একাধিক ট্ৰেভেল এজেন্সীয়ে তুৰ্কী ভ্ৰমণৰ পেকেজ বাতিল কৰিছে, আৰু পশ্চিম ভাৰতৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে তুৰ্কীত চিনেমাৰ শ্বুটিং নকৰাৰ সিদ্ধান্ত লৈছে। তুৰ্কীৰ পাকিস্তান সমৰ্থনৰ বিৰুদ্ধে স্বদেশী জাগৰণ মঞ্চৰ এই আহ্বানে বহুতৰ সমৰ্থন লাভ কৰিছে, যাৰ ফলত তুৰ্কীৰ পৰ্যটন আৰু বাণিজ্যত যথেষ্ট ক্ষতি হৈছে।

কিন্তু অৰ্থনৈতিক বিশ্লেষকসকলৰ মতে, ভাৰতৰ তুৰ্কীলৈ ৰপ্তানি আমদানিতকৈ বেছি। দুয়োখোন দেশৰ মাজত অৰ্থনৈতিক অৱৰোধ বা সংঘাতৰ ফলত ভাৰতীয় ব্যৱসায়ীসকলৰ ক্ষতিৰ সম্ভাৱনা অধিক। তথাপিও, ভাৰতত তুৰ্কীৰ সামগ্ৰী যেনে আপেল, গ্ৰেনাইট, আৰু মাৰ্বলৰ বৰ্জনৰ প্ৰচাৰ জোৰদাৰ হৈছে। স্বদেশী জাগৰণ মঞ্চৰ এই পদক্ষেপে তুৰ্কীৰ অৰ্থনীতিত, বিশেষকৈ পৰ্যটন খণ্ডত যথেষ্ট ক্ষতি কৰিছে বুলি এক্সত প্ৰকাশিত পোষ্টত উল্লেখ কৰা হৈছে। তুৰ্কীৰ পাকিস্তানৰ প্ৰতি সমৰ্থনৰ প্ৰতিবাদত ভাৰতৰ এই পদক্ষেপে অৰ্থনৈতিক আৰু কূটনৈতিক সম্পৰ্কৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব পাৰে।