NORTHEAST NOW (Assamese)
Popular Stories

লালু প্ৰসাদ যাদৱৰ ঘৰত ইডি : ছয় কোটি টকাৰ সম্পত্তি জব্দ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 31, 2023 9:15 pm

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ প্ৰায় ৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে বলবৎকাৰী সঞ্চালকালয়ে(ED)। 

চাকৰি-দুৰ্নীতিৰ গোচৰত সোমবাৰে ইডিয়ে জব্দ কৰিছে লালুপ্ৰসাদ আৰু তেওঁৰ পৰিয়ালৰ এই বিশাল সম্পত্তি।

উল্লেখ্য যে, লালুপ্ৰসাদ যাদৱ আৰু তেওঁৰ পত্নী ৰাবৰি দেৱী – দুয়োজনেই বিহাৰৰ মুখ্যমন্ত্ৰী আছিল। লালু প্ৰসাদ ৰে’ল মন্ত্ৰীও আছিল। তেওঁলোকৰ পুত্ৰ তেজস্বী যাদৱ বৰ্তমান বিহাৰৰ উপ-মুখ্যমন্ত্ৰী। 

বিহাৰত চাকৰিৰ দুৰ্নীতিৰ অভিযোগত তেওঁলোকৰ প্ৰত্যেকৰে বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ইডিয়ে। 

কিছু মাহ পূৰ্বে ইডিয়ে এই গোচৰত বিভিন্ন স্থানত অনুসন্ধান চলাই ৬০০ কোটি টকাৰ সম্পত্তি চিনাক্ত কৰিছিল। ইয়াৰে ৩৫০ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ২৫০ কোটি টকাৰ অস্থাৱৰ সম্পত্তি। বিহাৰৰ উপৰিও দিল্লী, এনচিআৰ, আৰু ৰাঞ্চিত আছিল এই সম্পত্তি।

যোৱা ৩ জুলাইত চিবিআইয়ে মাটি আৰু চাকৰিৰ কেলেংকাৰীৰ গোচৰৰ অভিযোগনামা দাখিল কৰিছিল। অভিযোগনামাত লালু প্ৰসাদ যাদৱ, ৰাবৰি দেৱী আৰু তেজস্বী যাদৱৰ নাম উল্লেখ কৰা হৈছে। 

ইয়াৰ উপৰিও চিবিআইৰ অভিযোগনামাত আৰু ১৪জন লোকৰ নাম উল্লেখ কৰা হৈছে। অভিযুক্তৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰতাৰণাকে ধৰি একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

লগতে পঢ়কঃ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুমন বৰা আৰু যুগল গগৈ সংগঠনৰ সদস্য নহয় – আলফা(স্বা)

লগতে পঢ়কঃ কটনত কোনে দেখুৱালে নাজী বাহিনীৰ প্ৰতীক, নাজী চেলুটেৰে নিজকে ফেচিষ্ট হিচাপে ঘোষণা একাংশ শিক্ষাৰ্থীৰ