NORTHEAST NOW (Assamese)

অনিল আম্বানীৰ বিয়াগোম সম্পত্তি জব্দ ইডিৰ, ৩৬০০ কোটি টকীয়া ঘৰ এতিয়া কেন্দ্ৰীয় সংস্থাৰ হাতত

February 25, 2026 7:30 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰায় ৪০ হাজাৰ কোটি টকাৰ বেংক জালিয়াতিৰ অভিযোগত অভিযুক্ত উদ্যোগপতি অনিল আম্বানীৰ বিপদ এতিয়া আকাশলংঘী হৈ পৰিছে। এই বৃহৎ বিত্তীয় কেলেংকাৰীৰ তদন্ত কৰি থকা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট বা ইডিয়ে মুম্বাইত থকা অনিল আম্বানীৰ ৩৭১৬ কোটি টকাৰ বিলাসী বাসগৃহটো শেহতীয়াকৈ জব্দ কৰিছে। এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে বৃহস্পতিবাৰে সোধা-পোছাৰ বাবে উদ্যোগপতিজনক পুনৰ তলব কৰিছে। ইডিৰ সূত্ৰই প্ৰকাশ কৰিছে যে ৰিলায়েন্স গ্ৰুপৰ বিৰুদ্ধে ইতিমধ্যে তিনিটাকৈ গোচৰ ৰুজু কৰা হৈছে আৰু এই তদন্তৰ অংশ হিচাপেই এতিয়ালৈকে প্ৰায় ১২ হাজাৰ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে। এইবাৰ তদন্তকাৰী সংস্থাৰ কোপ দৃষ্টিত পৰিছে অনিল আম্বানীৰ ব্যক্তিগত বাসগৃহ আবোড

মুম্বাইৰ অভিজাত পালি পাহাৰ অঞ্চলত অৱস্থিত এই ১৭ মহলীয়া ভৱনটো ভাৰতৰ অন্যতম ব্যয়বহুল আৰু বিলাসী ঘৰ হিচাপে পৰিচিত। প্ৰায় ৬৬ মিটাৰ উচ্চতাৰ এই বাসগৃহটো ১৬ হাজাৰ বৰ্গফুট এলেকাত বিয়পি আছে। অত্যাধুনিক সা-সুবিধাৰে ভৰপূৰ এই ভৱনটোত ব্যক্তিগত হেলিপেডৰ পৰা আৰম্ভ কৰি একাধিক চুইমিং পুল আৰু জিমৰ ব্যৱস্থা আছে। কিন্তু বিত্তীয় অনিয়মৰ অভিযোগৰ তদন্তত এতিয়া এই বিয়াগোম সম্পত্তিটো ইডিৰ নিয়ন্ত্ৰণলৈ গৈছে। ৰিলায়েন্স এডিএজি গোটৰ বিভিন্ন কোম্পানী আৰু ইয়াৰ মুৰব্বী অনিল আম্বানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে বিভিন্ন বেংকৰ পৰা লোৱা ঋণৰ ধন মূল কামত ব্যৱহাৰ নকৰি অন্য দিশলৈ লৈ গৈছিল।

এই সমগ্ৰ বিষয়টোত উচ্চতম ন্যায়ালয়েও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। যোৱা মাহত আদালতে অনিল আম্বানী আৰু তেওঁৰ গোটলৈ জাননী প্ৰেৰণ কৰি স্পষ্টকৈ জনাই দিছিল যে এয়া তেওঁলোকৰ বাবে শেষ সুযোগ। ইয়াৰ উপৰিও তদন্তত কিয় ইমান পলম হৈছে সেই সন্দৰ্ভত ১০ দিনৰ ভিতৰত উত্তৰ দিবলৈ চিবিআই আৰু ইডিক নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। বিচাৰপীঠে ক্ষোভ প্ৰকাশ কৰি কৈছিল যে ইমান দিনে তদন্তত হোৱা বিলম্বৰ কোনো গ্ৰহণযোগ্য কাৰণ নাই। আনহাতে কেইবাটাও ৰাজহুৱা খণ্ডৰ বেংকে ইতিমধ্যে অনিল আম্বানীৰ কোম্পানীৰ একাউণ্টসমূহক প্ৰৱঞ্চনামূলক বুলি ঘোষণা কৰিছে।

উল্লেখ্য যে এই সমগ্ৰ কেলেংকাৰীৰ বিৰুদ্ধে প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক শৰ্মাই অধিবক্তা প্ৰশান্ত ভূষণৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত এখন জনস্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল। আবেদনকাৰীৰ অভিযোগ আছিল যে এই জালিয়াতি ২০০৭-০৮ চনৰ পৰাই চলি আছিল যদিও ২০২৫ চনতহে ইয়াৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল। বৰ্তমান মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰ আৰু তদন্তকাৰী সংস্থাসমূহক সমগ্ৰ তদন্তৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে। এনে এক জটিল পৰিস্থিতিত মুম্বাইৰ এই বহুমূলীয়া সম্পত্তি জব্দ হোৱাৰ ঘটনাই অনিল আম্বানীৰ বাবে আইনী সংকট অধিক গভীৰ কৰি তুলিছে।

Related News