NORTHEAST NOW (Assamese)
অসম

জিয়াওমি ইণ্ডিয়াৰ ৫,৫৫১ কোটি টকা জব্দ কৰিলে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 30, 2022 7:27 pm

ভাৰতত এমআইৰ ব্ৰেণ্ড নামত মোবাইল ফোনৰ এখন বৃহৎ বজাৰ গঢ়ি তোলা চীনৰ মোবাইল ফোনৰ কোম্পানী জিয়াওমি ইণ্ডিয়াৰ বৃহৎ অংকৰ ধন জব্দ কৰিলে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে।

বিদেশী মুদ্ৰা আইন উলংঘা কৰাৰ অভিযোগতে আজি এনফোৰ্চমেণ্ট সঞ্চালকালয়ে জিয়াওমিৰ একাউণ্টত থকা ৫,৫৫১ কোটি টকা জব্দ কৰে।

বিদেশী মুদ্ৰা আইন উলংঘা কৰাৰ বিষয়ে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে কোম্পানীটোৰ ভাইচ চেয়াৰমেনক জেৰা কৰাৰ পিছত শনিবাৰে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন, ১৯৯৯-ৰ ৮ ধাৰাৰ অধীনত জিয়াওমি টেকন’লজী ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ৫,৫৫১.২৭ কোটি টকা জব্দ কৰে।

জব্দ কৰা ধন খিনি কোম্পানীটোৰ বেংক একাউণ্টত বহুদিন ধৰি ব্যৱহাৰ নোহোৱাকৈ আছিল। চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত কোম্পানীটোৱে কৰা অবৈধ ধন সৰবৰাহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি এনফোৰ্চমেণ্ট সঞ্চালকালয়ে তদন্ত আৰম্ভ কৰিছিল।

এনফোৰ্চমেণ্ট সঞ্চালকালয়ে গোচৰটো সন্দৰ্ভত জিয়াওমিৰ গোলকীয় ভাইচ চেয়াৰমেন মনু কুমাৰ জৈনকো সোধা-পোছা কৰিছিল।

কোম্পানীটোৱে ২০১৪ চনত ভাৰতত ইয়াৰ কাম-কাজ আৰম্ভ কৰিছিল আৰু ২০১৫ চনৰ পৰা ধন প্ৰেৰণ কৰা আৰম্ভ কৰিছিল। কোম্পানীটোৱে ৫৫৫১.২৭ কোটি টকাৰ বিদেশী মুদ্ৰা তিনিটা বিদেশী প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰিছে।

উক্ত প্ৰতিষ্ঠান সমূহৰ ভিতৰত ছদ্মনাম ব্যৱহাৰ কৰি জিয়াওমি আছে।