NORTHEAST NOW (Assamese)

ৰাহুললৈ চমনঃ প্ৰতিবাদ কৰিবলৈ আহি আটক বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ বহু জন

June 13, 2022 12:50 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

প্ৰতিবাদ কৰিবলৈ আহি আটক বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ সাংসদ আব্দুল খালেক আৰু বিধায়ক জাকিৰ হুছেইন চিকদাৰ

সোমবাৰে ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছ দলৰ শীর্ষ নেতা ৰাহুল গান্ধীক আক্রোশমূলকভাৱে এনফ’ৰ্টমেণ্ট ডিৰেক্টৰেটে দিল্লীৰ কাৰ্যালয়ত ১৩ জুন তাৰিখে উপস্থিত হ’বলৈ চমন জাৰি কৰাৰ পাছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল যাত্ৰা আৰম্ভ কৰিছিল।

প্ৰতিবাদ কৰিবলৈ আহোতেই অসম আৰক্ষীয়ে আটক কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ সাংসদ আব্দুল খালেক আৰু বিধায়ক জাকিৰ হুছেইন চিকদাৰক।

আটক হোৱাৰ পাছতেই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় “বিজেপি চৰকাৰখনে গণতন্ত্ৰক ভৰিৰে মোহাৰিছে। ড° হিমন্ত বিশ্ব শৰ্মাই পুলিচক লাইচেঞ্চ দিছে গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিবলৈ। আমাক ভঙাগড়ৰ ফ্লাই অভাৰৰ ওচৰৰ পৰাই আটক কৰিছে। মনে সজা গোচৰত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক চমন জাৰি কৰিছে ,যিটো গোচৰৰ বাবে ২০১৫ চনতেই ক্লীনশ্বিট প্ৰদান কৰিছিল ইডিয়ে।”

Related News