NORTHEAST NOW (Assamese)
অসম

‘নেচনেল হেৰাল্ড’ গোচৰ: ছোনিয়া গান্ধী,ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ এনফোৰ্চমেণ্ট সঞ্চালকালয়ৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 1, 2022 8:18 pm
Rahul-Gandhi-Sonia-Gandhi

গান্ধী পৰিয়ালৰ সদস্যৰ লগতে আন বহুতৰে নাম জৰিত হৈ থকা ‘নেচনেল হেৰাল্ড’ গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীলৈ চমন জাৰি কৰিছে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে। এই কথাই এতিয়া কংগ্ৰেছৰ অন্দৰ মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।

২০১১-১২ চনৰ ‘নেচনেল হেৰাল্ড’ গোচৰৰ সতে সম্পৰ্কীত ধনৰ অবৈধ লেনদেনৰ এটা গোচৰত এই চমন জাৰি কৰা হৈছে। এই গোচৰৰ তদন্তকাৰী বিষয়াৰ সন্মুখত ৮ জুনত ছোনিয়া গান্ধীক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে । আনহাতে ৰাহুলক ২ জুনৰ দিনা ইডিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য নেচনেল হেৰাল্ড গোচৰত অভিযুক্ত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু তেওঁৰ পিত্ৰ ৰাহুল গান্ধীসহ অন্য অভিযুক্তৰ পৰা সহযোগিতা কামনা কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে।দিল্লী উচ্চ ন্যায়ালয়ে বিজেপিৰ সাংসদ সুব্ৰমণিয়াম স্বামীয়ে দাখিল কৰা এক আবেদনৰ বিচাৰ প্ৰক্ৰিয়াত ছোনীয়া গান্ধী আৰু পুত্ৰ ৰাহুল গান্ধীসহ অন্য অভিযুক্তসকলৰ সহযোগিতাৰ কামনা কৰিছিল।

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কাইটে এখন জাননী যোগে বিজেপি সাংসদ সুব্ৰমণিয়াম স্বামীৰ আবেদনৰ সন্দৰ্ভত গান্ধী পৰিবাৰ লগতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক অস্কাৰ ফাৰ্ণাণ্ডেজ, চুমন ডুবে, শাম পিট্ৰ’ডা আৰু য়ঙ ইণ্ডিয়াৰ স্থিতি কি জানিব বিচাৰিছিল।

উল্লেখ্য যে গান্ধী পৰিয়ালৰ লগতে অন্যান্য অভিযুক্তসকলে ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেড(ৱাইআই) আৰু নেশ্যনেল হেৰাল্ডৰ মালিক পক্ষ এচ’ছিয়েট জাৰ্ণেলছ প্ৰাইভেট লিমিটেডৰ পুঁজি অপব্যৱহাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আহিছে সুব্ৰমণিয়াম স্বামীয়ে।