NORTHEAST NOW (Assamese)

সামজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক আৰু বড়োলেণ্ড ছাংস্ৰিৰ সম্পাদক, জহৰ ব্ৰহ্মৰ দেহাৱসান

August 13, 2018 5:02 pm · ৰিনয় বসুমতাৰী

বিশিষ্ট সামাজকৰ্মী আৰু বড়ো ভাষাৰ দৈনিক কাকত বড়োলেণ্ড ছাংস্ৰিৰ সম্পাদক, গোসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জহৰ ব্ৰহ্মৰ দেহাৱসান হৈছে। যোৱা নিশা প্ৰায় ১১-৪৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ব্ৰহ্মৰ মৃত্যু হয়।

মৃত্যুৰ সময়ত ব্ৰহ্মৰ বয়স হৈছিল ৬৮ বছৰ। তেওঁ জাপানিজ এনকেফেলাইটিছৰ দ্বাৰা আক্ৰান্ত হৈছিল আৰু বিগত কেইসপ্তাহমানৰ পৰা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ চিকিৎসাধীন হৈ আছিল। প্ৰয়াত জহৰ ব্ৰহ্ম ব্ৰহ্ম ধৰ্মৰ সৈতে জড়িত আছিল।

মৃত্যুৰ সময়ত প্রয়াত ব্রহ্মই তেওঁৰ পত্নী, এগৰাকী পুত্ৰ আৰু দুগৰাকী জীয়ৰীসহ অসংখ্য আত্মীয়-স্বজনক এৰি থৈ যায়। ব্ৰহ্মৰ পুত্ৰ শিবনাথ ব্রহ্ম অসম ৰাজিক বিজেপিৰ সম্পাদক।

কোকৰাঝাৰ প্ৰেছ ক্লাবকে ধৰি বহু লোক আৰু সংগঠনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তি বিচাৰি প্ৰাৰ্থনা কৰে।

জহৰ ব্ৰহ্মৰ জন্মস্থান— কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কাজিগাঁও কামালসিং গাঁৱত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

Related News