NORTHEAST NOW (Assamese)
Popular Stories

GT আৰু PGT নিযুক্তিক লৈ বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2025 5:49 pm

TET Cum Recruitment Testৰ GT আৰু PGT নিযুক্তিক লৈ বৃহৎ ঘোষণা।

TET Cum Recruitment Testক লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৰিলে এই ডাঙৰ ঘোষণা।

ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যম এক্সযোগে ঘোষণা কৰে যে ‘‘বৰ্তমান চলি থকা প্ৰমাণপত্ৰ পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত, বিজ্ঞাপিত পদৰ বিপৰীতে খালী পদ উপলব্ধ থকা পৰিস্থিতিত দ্বিতীয়খন তালিকা সত‍্যাপনৰ বাবে প্ৰকাশ কৰা হব।’’

অৰ্থাৎ শিক্ষামন্ত্ৰীৰ ঘোষণা অনুসৰি অচিৰেই GT আৰু PGT নিযুক্তি দ্বিতীয়খন তালিকা ভেৰিফিকেচন প্ৰক্ৰিয়াৰ বাবে প্ৰকাশ হব।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ এই ঘোষণাৰ পাছতে ৰাজ্যৰ একাধিক TET Cum Recruitment Testৰ প্ৰাৰ্থীৰ মাজত আহিছে আশাৰ বতৰা।