NORTHEAST NOW (Assamese)
অসম

ব্যতিক্ৰম হ’ব অৰবিন্দ কেজৰিৱালৰ শপতগ্ৰহণ অনুষ্ঠান; মূল মঞ্চত থাকিব ৫০গৰাকী “অবিশিষ্ট” অতিথি!

February 15, 2020 7:51 pm
Arvind Kejriwal

কাইলৈ তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্য মন্ত্ৰী হিচাপে অৰবিন্দ কেজৰিৱালে শপত গ্ৰহণ কৰিব আৰু অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ সৈতে মূল মঞ্চত অতিথিৰূপে আসন ল’ব ৫০গৰাকী লোক, য’ত আছে শিক্ষাবিদৰ পৰা চাফাই কৰ্মচাৰী প্ৰতিনিধি, এম্বুলেন্সৰ ড্ৰাইভাৰ।

আজি আপৰ নেতা মনীষ ছিছোড়িয়াই অতিথিৰ তালিকাখন ঘোষণা কৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে এই তালিকাত নাই কোনো ৰাজনৈতিক নেতাৰ নাম। অৱশ্যে অনুষ্ঠানটোলৈ কেজৰিৱালে প্ৰধান মন্ত্ৰী মোদীক নিমন্ত্ৰণ কৰিছে।

অতিথিৰ তালিকাত আছে-

১. শিক্ষাবিদ

২। বিদ্যালয়ৰ অধ্যক্ষ

৩। চৰকাৰী বিদ্যালয়ৰ পৰা অলিম্পিয়াড বিজয়ী ছাত্র

৪। চাফাই কৰ্মচাৰীৰ প্ৰতিনিধিত্ব

৫। মোহল্লা ক্লিনিকৰ চিকিৎসক

৬। এম্বুলেন্সৰ ড্ৰাইভাৰ

৭। চহিদ পৰিয়াল

৮। কৃষকৰ প্ৰতিনিধিত্ব

৯। বিদ্যালয়ৰ চকীদাৰ

১০। চৰকাৰী কাৰ্য্যালয়ৰ পিয়ন

ব্যতিক্ৰম এই শপতগ্ৰহণ অনুষ্ঠানটো ৰামলীলা ময়দানত ১০ বজাত অনুষ্ঠিত হ’ব। জানিব পৰামতে, মুখ্য মন্ত্ৰী কেজৰিৱালৰ লগতে পূৰ্বৰ আটাইকেইজন মন্ত্ৰীয়েও কাইলৈ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব।

যোৱা ৮ ফেব্ৰুৱাৰিত দিল্লীৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ১১ ফেব্ৰুৱাৰিত ঘোষিত ফলাফলত কেজৰিৱালৰ আপে ৭০খন আসনৰ ৬২খনেই দখল কৰি শাসনত থকাটো নিশ্চিত কৰে।

কেন্দ্ৰত শাসনৰ বাঘজৰী লৈ থকা বিজেপিয়ে বাকী ৮খন আসনত জয় লাভ কৰে।

বিজয়ী আপে মুঠ ভোটৰ ৫৩.৫৭ শতাংশ লাভ কৰে। বিজেপিয়ে লাভ কৰা ভোটৰ হাৰ হ’ল ৩৮.৫১ শতাংশ। এখনো আসন দখল কৰিবলৈ সক্ষম নোহোৱা কংগ্ৰেছে ভোট পায় মাত্ৰ ৪.২৬ শতাংশ।