NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ঈদৰ সুৰীয়া সন্ধ্যা সুৰ জাগৃতি মঞ্চৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 8, 2019 6:40 pm
eid cultural programme in sivasagar

শুকুৰবাৰে শিৱসাগৰৰ নাট্য মন্দিৰত সুপ্ত সংগীত প্ৰতিভাক আদৰি আনি মাটিৰ গোন্ধ থকা গীত মাত আৰু সুৱদী সুৰীয়া গীত বাদ্যক লৈ সমাজৰ দুস্কৃতি বিনাশৰ লক্ষ্যৰে শিৱসাগৰৰ ন-পুৰণি সাংস্কৃতিক কৰ্মীৰ এক অবিৰত যাত্ৰা সুৰ জাগৃতি মঞ্চই ঈদৰ সুৰীয়া সন্ধ্যা শীৰ্ষক এক বৰ্ণাধ্য সাংস্কৃতিক তথা সমন্বয়ৰ অনুষ্ঠান অনুষ্ঠিত কৰে।

শিৱসাগৰৰ বহু প্ৰতিভাৱান শিল্পী আৰু বিভিন্ন সম্প্ৰদায়ে অনুষ্ঠানটোত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। সমাজৰ অপশক্তিক বিনাশ কৰি কলা-সংস্কৃতিৰ জড়িয়তে একতাৰ এনাজৰীডাল আৰু দৃঢ় কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰে সুৰ জাগৃতি মঞ্চই।

অনুষ্ঠানৰ আৰম্ভনিতে বৰগীত পৰিবেশন কৰে চেহনাজ ইছলামে। জিকিৰ পৰিবেশন কৰে চামিনা বেগমৰ দলে। কচিদা গীত পৰিবেশন কৰে আমগুৰিৰ যুৱ জামাতে। পেঁপাবাদন কৰে লক্ষীনন্দন মহনে।

পুৰণি অসমীয়া, হিন্দী গীত আৰু গজল পৰিবেশন কৰে ক্ৰমে প্ৰবুদ্ধ প্ৰতাপ চেতিয়া, জয়ন্ত দত্ত, নেইম হেমিদ, প্ৰেৰণা হাজৰিকা, জান্তুমণি শইকীয়া দাস, চেভি আখতাৰ, আজাদ আলম, ৰৰিকুজ জামান হাজৰিকা, আচফিকুৰ ৰহমান হাজৰিকা, চবিনা বেগম, ৰাজেন্দ্ৰ যোশী, অনিল গোৱেল, চাবিনা বাৰিক, ৰিতুৰাজ বৰুৱা, আমিন উল্লা, চামচুল বাৰিক আৰু অতিথি শিল্পী জয়শ্ৰী গোস্বামীয়ে।

চামচুল বাৰিকে আঁত ধৰা অনুষ্ঠানটো উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী মাসন বৰাই। আদৰণি ভাষণ প্ৰদান কৰে সুৰ জাগৃতি মঞ্চৰ সভাপতি প্ৰবুদ্ধ প্ৰতাপ চেতিয়াই।

অনুষ্ঠানটোত ভূপেনদাৰ একালৰ সংগী গিয়াচুদ্দিন আহমেদক বিশেষ সম্বৰ্দ্ধনা জনোৱা হয়। ঈদৰ সুৰীয়া সন্ধ্যাৰ মঞ্চ উৎসৰ্গা কৰে বিশিষ্ট কৌতুক শিল্পী পুণ্য দাসৰ সোঁৱৰণত।