NORTHEAST NOW (Assamese)
অসম

ঈদ–উজ–জোহা : পুৱাই সমূহীয়া ঈদৰ নামাজত অংশ গ্ৰহণ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2019 9:31 am
ঈদ–উজ–জোহা : পুৱাই সমূহীয়া ঈদৰ নামাজত অংশ গ্ৰহণ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ

আজি সমগ্ৰ বিশ্বজুৰি উদযাপিত হৈছে পবিত্ৰ ঈদ-উজ-জোহা। সমান্তৰালভাৱে অসমৰো বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহা-মালহেৰে ঈদ-উজ-জোহা উদযাপন কৰিছে।

ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক সাৰোগত কৰি পুৱাই সমূহীয়া ঈদৰ নামাজত অংশ গ্ৰহণ কৰে ইছলাম ধৰ্মাৱলম্বী ৰাইজে।

ঈদ–উজ–জোহা উৎসৱত নিহিত হৈ আছে ত্যাগৰ বাৰ্তা। ঈদ–উজ–জোহা উৎসৱ উদযাপনে ত্যাগ, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে।

নবী ইব্ৰাহিম খলিল উল্লাহৰ চৰম ত্যাগৰ স্মৃতিক সাৰোগত কৰিয়েই সমগ্ৰ বিশ্বজুৰি ইছলামধৰ্মী লোকসকলে উদযাপন কৰি আহিছে ত্যাগৰ উৎসৱ ঈদ–উজ–জোহা। চলি আহিছে প্ৰতীকী কুৰবানীৰ পৰম্পৰা।

ঈদ উপলক্ষে এক জাক–জমকতাপূৰ্ণ তথা আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যতে।