NORTHEAST NOW (Assamese)

ৰক্তাক্ত ট্ৰাম্পৰ দেশ! আমেৰিকাত পুনৰ বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত ৮ টা শিশু

April 20, 2026 12:06 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:07 am

পুনৰ বন্দুকধাৰীৰ আক্ৰমণত ৰক্তাক্ত হৈ পৰিছে ট্ৰাম্পৰ দেশ আমেৰিকা। নিৰ্বিচাৰ  গুলীচালনাত মৃত্যু হয় ৮টা শিশুৰ। আহত হৈছে আৰু দুগৰাকী মহিলা। পিছত আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত অভিযুক্ত নিহত হয়। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষী সূত্ৰৰ মতে, দেওবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৬ বজাত লুইজিয়ানা প্ৰদেশৰ শ্ৰিভপ’ৰ্টত সংঘটিত হয় এই ঘটনা। বন্দুকধাৰীয়ে মুঠ তিনিটা ঘৰত আক্ৰমণ চলায়। প্ৰথমে ৱেষ্ট ষ্ট্ৰীটৰ দুটা ঘৰত গুলীচালনা কৰা হয় আৰু তাৰ পিছত হেৰিছন ষ্ট্ৰীটৰ এটা ঘৰত।

মুঠতে ১০ জন লোক গুলীবিদ্ধ হৈছে। ইয়াৰে আঠজন শিশু। তেওঁলোকৰ থিতাতে মৃত্যু হয়। বাকী দুগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সূত্ৰ অনুসৰি নিহত শিশুসকলৰ ভিতৰত আক্ৰমণকাৰীৰ সন্তানো আছে।

জানিব পৰা মতে, গুলীচালনাৰ পিছত অভিযুক্তই পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও টহলদাৰী আৰক্ষীৰ মুখামুখি হয়। তেওঁলোকে যেতিয়া তেওঁক ৰখাবলৈ চেষ্টা কৰে তেতিয়াই সংঘৰ্ষ আৰম্ভ হয়। ইয়াৰ পিছতে আৰক্ষীৰ এনকাউণ্টাৰত বন্দুকধাৰীজন নিহত হয়।

কিন্তু যুৱকজনে কিয় এই আক্ৰমণ সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে আক্ৰমণকাৰীজন মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি অনুমান কৰা হৈছে।

লুইজিয়ানা আৰক্ষীয়ে এক বিবৃতিত কয় যে শ্ৰিভপ’ৰ্ট আৰক্ষীৰ অনুৰোধত তেওঁলোকে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। প্ৰথমে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাত অসুবিধাৰ সন্মুখীন হৈছিল। কাৰণ তেওঁ গুলী চলাবলৈ চেষ্টা কৰিছিল। বাহিনীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে। এনকাউন্টাৰত কোনো আৰক্ষী বিষয়া আহত হোৱা নাই।

Related News