NORTHEAST NOW (Assamese)
অসম

অসমত আৰু আঠ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২২১লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 20, 2020 10:01 pm
Covid death toll in Assam reaches 930

আৰু আঠগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২২১লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা ৰোগীকেইগৰাকী হৈছে— কামৰূপৰ মীৰা বেগম (৭০) আৰু চইফুদ্দিন আহমেদ (৪৮), বৰপেটাৰ মুক্তাৰ হুছেইন (৪৯), ডিব্ৰুগড়ৰ চক্ৰধৰ গগৈ (৪৮) আৰু চাও থাৰ্ছা নাংপুং (৬০), কৰিমগঞ্জৰ শুক্লা দত্ত (৬০), কাৰ্বি আংলঙৰ দৰছিং তেৰাং (৪৫) আৰু ধুবুৰীৰ দীপক কুমাৰ ৰাহা (৪৬)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত বুধবাৰলৈকে ২১৩গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে অসমত বুধবাৰলৈকে ৬০,৩৪৮গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত বুধবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৩,৭৫৩ (।)

আনহাতে, ৮৪,৩১৭গৰাকী ব্যক্তি বুধবাৰলৈকে অসমত ক’ভিড পজিটিভ চিনাক্ত হৈছিল।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।