NORTHEAST NOW (Assamese)
অসম

ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ! গাড়ীৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু শিশুসহ ৮জনৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী December 10, 2023 11:52 am
ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ! গাড়ীৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু শিশুসহ ৮জনৰ

শনিবাৰে গভীৰ নিশা উত্তৰ প্ৰদেশত ট্ৰাক আৰু SUV গাড়ীৰ মুখামুখি সংঘৰ্ষত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত SUV গাড়ীৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিল ৮ জনকৈ লোক। নিহতসকলৰ ভিতৰত এটি শিশুও থকাৰ কথা জানিব পৰা গৈছে।

বাতৰি অনুসৰি,  ভোজপুৰাৰ সমীপৰ বৰেলী-নৈনিতাল ঘাইপথেৰে আহি আছিল গাড়ীখন। কিন্তু হঠাৎ ইয়াৰ চকাটো ফাটি যায়। যাৰ বাবে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ সিটো পাৰলৈ গুচি যায়।

সেই সময়ত উত্তৰাখণ্ডৰ পৰা এখন ট্ৰাক আহি আছিল। গাড়ী আৰু ট্ৰাকৰ সংঘৰ্ষৰ ফলত বিস্ফোৰণ ঘটি গাড়ীখনত অগ্নিকাণ্ড সংঘটিত হয়। কিন্তু গাড়ীখনত লক লগোৱাৰ বাবে দপদপাই জ্বলি উঠা গাড়ীখনৰ পৰা কোনো যাত্ৰী ওলাব নোৱাৰিলে।

দুৰ্ভাগ্যবশতঃ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হয় যাত্ৰীকেইজন। নিহতসকলৰ ভিতৰত সাতজন প্ৰাপ্তবয়স্ক আৰু এটি শিশু আছে।

বৰেলীৰ এছ এছ পি ঘুলে সুশীল চন্দ্ৰভানে কয়, ‘মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। গোটেই ঘটনাটো তদন্ত কৰি চোৱা হ’ব।” স্বাভাৱিকতে এনে মৰ্মান্তিক ঘটনাত অঞ্চলটোত চাঞ্চল্য বিয়পি পৰিছে।