NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড১৯ : স্মশান বিচাৰি চাইকেলত মৃত পত্নীৰ মৃতদেহ কঢ়িয়াই ফুৰিল এজন লোকে, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 28, 2021 8:14 pm

উত্তৰপ্ৰদেশৰ যৌনপুৰ জিলাৰ এখন গাঁৱত মঙলবাৰে সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা।

মৃত পত্নীক স্মশানলৈ নিজৰ চাইকেলতে কঢ়িয়াই নিব লগা হ’ল মৃত পত্নীৰ স্বামীয়ে।

যৌনপুৰৰ উক্ত গাওঁখনৰ গাওঁৱাসীয়ে কৰোণাভাইৰাচ সংক্ৰমণ হোৱাৰ আশংকাত পত্নীক গাঁৱত দাহ কৰিবলৈ অনুমতি প্ৰদান নকৰিলে।

অৱশ্যে স্থানীয় প্ৰশাসনে তেওঁৰ পত্নী ক’ভিড পজিটিভ হৈ মৃত্যুবৰণ কৰাৰ বিষয়টোত নিশ্চিতিপ্ৰদান কৰা নাই।

উপায়হীন হৈ নিজৰ মৃত পত্নীক চাইকেলেৰে তেওঁ চাৰি ঘণ্টাজুৰি কঢ়িয়াই ফুৰিবলগা হয়।

এই হৃদয়বিদাৰক দৃশ্যটো প্ৰত্যক্ষ কৰিও কোনো গাওঁবাসীয়ে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি নাহিল, আনকি সমবেদনাও জ্ঞাপন নকৰিলে।

আৰক্ষীয়ে ঘটনাটো সম্পৰ্কত অৱগত হোৱাৰ পাছতে লোকজনৰ পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজন কৰে।

সেই অনুসৰি অৱশেষত ৰামঘাট নামৰ এটা ৰাজহুৱা স্মশানঘাটত পত্নীক দাহ কৰা হয়।

মৃত পত্নীগৰাকীক ৰাজকুমাৰী (৫০) নামেৰে জনা গৈছে।

আনহাতে তেওঁৰ স্বামীৰ নাম তিলকধাৰী সিং।

তেওঁলোক যৌনপুৰ জিলাৰ মদিয়াহু কটৱালী অঞ্চলৰ অম্বৰুপৰ গাঁৱৰ বাসিন্দা।

সোমবাৰে পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটাত জিলাখনৰ উমানাথ সিং জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ভৰ্তি কৰোৱাৰ পাছতে পত্নীৰ মৃত্যু হয়।

ইতিমধ্যে সামাজিক মাধ্যমত সমগ্ৰ ঘটনাটোৰ ফটোসমূহ ভাইৰেল হৈ পৰিছে।

বহু লোকে এইক্ষেত্ৰত স্থানীয় প্ৰশাসনক সমালোচনা কৰিছে।