NORTHEAST NOW (Assamese)

নিৰ্বাচন আয়োগৰ অধিবক্তা মোহিত ডি ৰামৰ আচম্বিত পদত্যাগ

May 7, 2021 5:23 pm · এন ই নাও নিউজ
Updated: May 7, 2021 5:25 pm

দেশৰ পাঁচ খন ৰাজ্যত শেহতীয়াকৈ অনুষ্ঠিত হৈ গৈছে বিধানসভাৰ নিৰ্বাচন।

অসমক বাদ দি বাকী প্ৰায় কেইখন ৰাজ্যতে নতুন চৰকাৰো গঠন হৈছে।

খন ৰাজ্যত এনে উত্তৰ নিৰ্বাচনী তৎপৰতা চলি থকাৰ সময়তে আজি কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ অধিবক্তা  মোহিত ডি ৰামে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

শেহতীয়াকৈ দেশৰ কেইবা খনো উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে কোভিড পৰিস্থিতিৰ মাজত নিৰ্বাচনী সভাসমূহত জন সমাগম ৰোধত ব্যৰ্থ  হোৱা বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগক সমালোচনাৰে থকা-সৰকা কৰিছে।

এনে সময়তে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ অধিবক্তা গৰাকীয়ে পদত্যাগ কৰাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

পদত্যাগ পত্ৰত ৰামে লিখিছে যে নিৰ্বাচন আয়োগত এগৰাকী অধিবক্তা হিচাবে কাৰ্যনিৰ্বাহ কৰিবলৈ পাই তেওঁ সুখী। কিন্তু সাম্প্ৰতিক সময়ত নিৰ্বাচন আয়োগত তেওঁৰ কোনো মূল্য নোহোৱা হৈ পৰিছে বুলি তেওঁ অনুভৱ কৰিছে।

সেইবাবেই তেওঁ পদত্যাগৰ সিদ্ধান্ত হৈছে।উল্লেখ্য ২০১৩ চনৰে পৰাই ডি ৰামে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ সৈতে জৰিত হৈ আছিল।

শেহতীয়াকৈ বিভিন্ন কাৰণত কেন্দ্ৰীয় নিৰ্বাচন আয়োগ ন্যায়ালয়ৰ ৰোষত পৰিবলগীয়া হোৱা বাবেই নিৰ্বাচন আয়োগৰ অধিবক্তাগৰাকীয়ে পদত্যাগ কৰা বুলি বিভিন্ন মহলত আলোচনা হোৱা দেখা গৈছে।

Related News