NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচন আয়োগে পিছুৱালে অসমকে ধৰি ছয় ৰাজ্যৰ উপ-নিৰ্বাচন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2020 8:39 pm
-Election-Commission-of-India

কেন্দ্ৰীয় নিৰ্বাচন আয়োগে অসমকে ধৰি ছখন ৰাজ্যৰ উপ-নিৰ্বাচনৰ দিন পিছুৱাই দিছে।

অসম তথা দেশৰ অন্যান্য প্ৰান্তত হৈ থকা ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে নিৰ্বাচন আয়োগে অসমৰ ১০৮ শিৱসাগৰ বিধান সভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচন ৭ ছেপ্তেম্বৰ পৰ্যন্ত পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে।

উল্লেখ্য শিৱসাগৰ বিধান সভা সমষ্টিৰ  কংগ্ৰেছ বিধায়ক প্ৰণৱ গগৈৰ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৮৪ বছৰ বয়সত মৃত্যু ঘটিছিল।

বিধায়ক গগৈৰ মৃত্যুৰ বাবেই সমষ্টিটোত উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈছিল।

বৃহস্পতি বাৰে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে জন প্ৰতিনিধিত্ব আইন ১৯৫১ৰ ১৫১৯(ক)ধাৰাৰ অধীনত উপ-নিৰ্বাচন সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে।

অসমৰ উপৰি বিহাৰৰ বাল্মীকি সমষ্টি,তামিলনাডুৰ থিৰুভট্টিয়ুৰ আৰু গুডিয়াট্টাম সমষ্টি,মধ্য প্ৰদেশৰ আগ্ৰা,উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰ আৰু টুণ্ডলা সমষ্টি,কেৰালাৰ চাভাৰা সমষ্টিৰ উপ- নিৰ্বাচন ৭ ছেপ্তেম্বৰ পৰ্যন্ত পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে।