NORTHEAST NOW (Assamese)

শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃ ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ

August 10, 2025 12:08 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 10, 2025 12:09 pm

ভোট জালিয়াতিৰ অভিযোগত পুনৰ সমুখ সমৰত লিপ্ত হৈছে বিৰোধী নেতা ৰাহুল গান্ধী আৰু নিৰ্বাচন আয়োগ। শনিবাৰে আয়োগে পুনৰ অৱগত কৰে যে ৰাহুলৰ হাতত দুটা বিকল্প আছে, শপতনামা দিয়ক বা ক্ষমা খোজক।

বৃহস্পতিবাৰে সংবাদমেলত কংগ্ৰেছ নেতাগৰাকীয়ে কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত ‘ভুৱা ভোটাৰ সংযোজন কৰি ব্যাপক ভোট চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰাৰ পৰাই এই বিতৰ্ক আৰম্ভ হয়।

বিয়লি এই অভিযোগ উত্থাপন হোৱাৰ পাছতে নিৰ্বাচন আয়োগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৰাহুলক প্ৰত্যাহ্বান জনাইছিল তিনিখন ৰাজ্যৰ নিৰ্বাচনী বিষয়াই, যদি তেওঁৰ হাতত ‘ভুৱা ভোটাৰৰ নাম আৰু নথি-পত্ৰ আছে তেন্তে আয়োগক গতাই দিব লাগে।

একে সময়তে স্পষ্টকৈ কোৱা হৈছিল যে তেওঁ শপতনামা দি ভোটাৰ তালিকাত ভোটাৰ জালিয়াতিৰ অভিযোগ প্ৰমাণ কৰিব লাগে, বা তেওঁৰ দাবী মিছা বুলি স্বীকাৰ কৰি দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে।

মন কৰিবলগীয়া যে, বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ বিষয়টো উত্থাপন কৰাৰ উপৰিও কৰ্ণাটকৰ বেংগালুৰু কেন্দ্ৰীয় লোকসভা সমষ্টিৰ মহাদেৱপুৰা বিধানসভা সমষ্টিত ১ লাখৰো অধিক ভোট চুৰি হোৱাৰ অভিযোগ ৰাহুলে কৰিছিল। হাৰিয়ানাৰ গোচৰতো তেওঁ একে দাবী কৰিছিল। এই সকলো অভিযোগৰ তীব্ৰ বিৰোধিতা কৰিছে নিৰ্বাচন আয়োগে।

Related News