NORTHEAST NOW (Assamese)

কৰিমগঞ্জ আৰু স্বায়ত্ত শাসিত জিলা লোকসভা সমষ্টিৰ নিৰ্ধাৰিত ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ

April 23, 2019 8:31 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ১নং কৰিমগঞ্জ (অনুসুচিত জাতি) আৰু ৩ নং স্বায়ত্তশাসিত জিলা (অনুসুচিত জনজাতি) লোকসভা সমষ্টিৰ অন্তৰ্গত কেইটামান ভোটগ্ৰহণ কেন্দ্ৰত ২৪ এপ্ৰিলত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব।

কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ পুনৰ ভোটগ্ৰহণ অনু্ষ্ঠিত হ’বলগীয়া কেন্দ্ৰকেইটা হ’ল ক্ৰমে- ১০৫ নং বাটোয়া প্ৰাথমিক বিদ্যালয় (সো শাখা), ১৩৪ নং গন্ধৰ্বখনি প্ৰাথমিক বিদ্যালয়, ১৫২ নং আটনগড় প্ৰাথমিক বিদ্যালয় (সো শাখা), আটনগড় প্ৰাথমিক বিদ্যালয় (বাওঁ শাখা)।

আনহাতে, স্বায়ত্তশাসিত জিলা লোকসভা সমষ্টিৰ অন্তৰ্গত পুনৰ ভোটগ্ৰহণ কেন্দ্ৰকেইটা হ’ল-১৩৬ নং উজনি দিলাজী প্ৰাথমিক বিদ্যালয়।ভোটগ্ৰহণ কেন্দ্ৰটো ১৯ নং ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত।

নিৰ্ধাৰিত কেন্দ্ৰসমূহত ২৪ এপ্ৰিল তাৰিখে ৰাতিপুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে, নাগালেণ্ড আৰু মণিপুৰৰ লগতে ত্ৰিপুৰাৰো কিছুমান ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিঙৰ অভিযোগ তুলি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন পক্ষই দাবী জনাইছে।

Related News