NORTHEAST NOW (Assamese)
দেশ

নিৰ্বাচনৰ প্ৰাকক্ষণত আকস্মিক পদত্যাগ নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 9, 2024 9:23 pm
Election Commissioner Arun Goel

দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান সপ্তাহ। ইতিমধ্যেই আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। তেনে সময়তে এক আচৰিত পদক্ষেপ গ্ৰহণ কৰি পদত্যাগ কৰিছে নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে।

২০২৭ চনলৈকে গোৱেলৰ কাৰ্যকালআছিল যদিও আজি আচম্বিতে তেওঁ পদত্যাগ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ইতিমধ্যে গ্ৰহণ কৰিছে গোৱেলৰ তেওঁৰ পদত্যাগ

উল্লেখ্য যে গোৱেলে ২০২২ চনৰ ২১ নৱেম্বৰত নিৰ্বাচন আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৰ পদত্যাগৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

গোৱেলৰ পদত্যাগৰ লগে লগে সম্প্ৰতি দুটা পদ খালী হৈ পৰিছে নিৰ্বাচন আয়োগত। ইতিপূৰ্বেই এটা পদ খালী হৈ আছিল আয়োগৰ।

এনে পৰিস্থিত এতিয়া কেৱল মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰহে আছে নিৰ্বাচন আয়োগৰ দায়িত্বত।

চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এনে সময়ত গোৱেলৰ পদত্যাগৰ ফলত নিৰ্বাচন প্ৰভাৱিত হ’ব নেকি, সেয়া হ’ব লক্ষ্যণীয়।