NORTHEAST NOW (Assamese)
Popular Stories

নিৰ্বাচন আয়োগৰ বৃহৎ পদক্ষেপ: শীঘ্ৰেই আৰম্ভ হ’ব ভোটাৰ তালিকা পুনৰীক্ষণৰ তৃতীয় পৰ্যায়

May 12, 2026 5:23 pm
নিৰ্বাচন আয়োগৰ বৃহৎ পদক্ষেপ: শীঘ্ৰেই আৰম্ভ হ’ব ভোটাৰ তালিকা পুনৰীক্ষণৰ তৃতীয় পৰ্যায়

ভাৰতৰ নিৰ্বাচন আয়োগে দেশজুৰি ভোটাৰ তালিকা পৰীক্ষণ বা বিশেষ নিবিড় পুনৰীক্ষণৰ তৃতীয় পৰ্যায়ৰ কাম অতি শীঘ্ৰেই আৰম্ভ কৰিবলৈ গৈ আছে। বিগত সময়ত কেৰালা, অসম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিম বংগত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে এই ভোটাৰ তালিকা সংশোধনৰ কাম কিছু সময়ৰ বাবে স্থগিত ৰাখিবলগীয়া হৈছিল। এতিয়া এই ৰাজ্যসমূহত নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠাৰ লগে লগে নিৰ্বাচন আয়োগে পুনৰ এই দেশজোৰা অভিযান আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই পুনৰীক্ষণৰ কাম সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশ, পশ্চিম বংগ, তামিলনাডু, ৰাজস্থান, ছত্তীশগড়, কেৰেলা, গুজৰাট, মধ্যপ্ৰদেশ, গোৱা, বিহাৰৰ লগতে পুডুচেৰী, লক্ষদ্বীপ আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জ আদি অন্যতম। উল্লেখযোগ্য যে অসমত এক সুকীয়া প্ৰক্ৰিয়াৰে এই পুনৰীক্ষণৰ কাম সামৰি লোৱা হৈছিল। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, দেশৰ মুঠ প্ৰায় ৯৯ কোটি পঞ্জীয়নভুক্ত ভোটাৰৰ ভিতৰত প্ৰায় ৬০ কোটি ভোটাৰৰ তথ্য ইতিমধ্যে এই প্ৰক্ৰিয়াৰ জৰিয়তে পৰীক্ষা কৰা হৈছে।

পৰৱৰ্তী অৰ্থাৎ তৃতীয় পৰ্যায়ত দেশৰ বাকী থকা ১৭ খন ৰাজ্য আৰু ৫ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৪০ কোটি ভোটাৰক এই প্ৰক্ৰিয়াত সামৰি লোৱা হব। দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তেলেংগানা, পঞ্জাৱ আৰু জম্মু-কাশ্মীৰৰ দৰে ৰাজ্যসমূহৰ নিৰ্বাচনী বিষয়াসকলক এই সংশোধন প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক কামসমূহ সোনকালে শেষ কৰিবলৈ আয়োগে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে। প্ৰশাসনিক আৰু কিছু আইনী জটিলতাৰ বাবে যোৱা বছৰ আৰম্ভ হোৱা এই বিশেষ প্ৰক্ৰিয়াটোৰ সময়সূচীত কেইবাবাৰো সালসলনি কৰিবলগীয়া হৈছিল যদিও এতিয়া এই কামে পুনৰ গতি লাভ কৰিব।