NORTHEAST NOW (Assamese)
অসম

জনিয়া উপ-নিৰ্বাচনৰ বাবে বৰপেটাত নিৰ্বাচন পৰ্য্যবেক্ষক; পোনপটীয়াকৈ আপত্তি দিব পাৰিব ৰাইজে

Posted by: আনিছুজ জামান Updated by: আনিছুজ জামান September 29, 2019 9:54 pm
Jania Election observer

বৰপেটা জিলাৰ জনিয়া বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন বাবে নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পৰ্যবেক্ষক  বাটাকৰুশ্ন ডেহুৰ আজি আগবেলাতে বৰপেটাত আহি উপস্থিত হৈছে।

সম্প্ৰতি আৱৰ্ত ভৱনত বাহৰ পাতি থকা বিষয়াগৰাকীক জনিয়া উপ-নিৰ্বাচন সংক্ৰান্তীয় কোনো ওজৰ-আপত্তি বা তথ্য জনাব বিচাৰিলে যিকোনো দল, সংগঠন বা ব্যক্তিয়ে তেওঁক বৰপেটা আৱৰ্ত ভৱনত সাক্ষাৎ কৰিব পাৰিব।

তেওঁৰ সাক্ষাতৰ সময় হৈছে পুৱা ১০.৩০ বজাৰ পৰা ১১.৩০ বজালৈ। এই কথা জনাইছে বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই।

৮৬৪৮২২৭৮৩৪ নম্বৰত টেলিফোন কৰিও ৰাইজে ওজৰ-আপত্তি বা তথ্য জনাবলৈ তেওঁৰ সৈতে পোনপটীয়া যোগাযোগ কৰিব পাৰিব।

ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াগৰাকী সম্প্ৰতি উৰিষ্যা চৰকাৰৰ অতিৰিক্ত সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে।

বৰপেটাত আহি উপস্থিত হোৱাৰ পিছতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা এই নিৰ্বাচনৰ ৰিৰ্টানিং বিষয়া প্ৰণৱ কুমাৰ শৰ্মা আৰু অন্যান্য জেষ্ঠ বিষয়াসকলে তেওঁক আদৰণি জনায়।

তেওঁ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হৈ নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কত  বুজ লয়। উল্লেখ্য যে এই উপনিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন।