NORTHEAST NOW (Assamese)
অসম

চলিত মাহৰ শেষৰফালে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে অসম ক্ৰিকেট সন্থাৰ নিৰ্বাচন

Posted by: এন ই নাও নিউজ December 7, 2018 1:06 pm
ACA Press Meet

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বাধিক চৰ্চিত হৈ থকা বিষয় অসম ক্ৰিকেট সন্থাৰ নিৰ্বাচন চলিত মাহৰ শেষৰ ফালে অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অহা ১৬ ডিচেম্বৰত হ’ব লগীয়া গৱৰ্নিং ব’ডিৰ সভাতে নিৰ্বাচন সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব। বৃহস্পতিবাৰে বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰিছে অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি দেৱজিৎ শইকীয়াই।

উপ-সভাপতিগৰাকীয়ে লগতে জনায় যে এইবাৰ গঠন হ’ব লগীয়া কাৰ্যকৰী সমিতিখনত সভাপতি, উপ-সভাপতি, সম্পাদক, যুটীয়া সম্পাদকে ধৰি কোষাধ্যক্ষহে থাকিব।

আনহাতে অসম ক্ৰিকেট সন্থাৰ (এ চি এ) সংশোধিত সংবিধানখনত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ কাম-কাজ চোৱাচিতা কৰা প্ৰশাসক কমিটীয়ে সন্মতি প্ৰদান কৰা বুলিও সংবাদমেলযোগে জানিবলৈ দিয়ে। তদুপৰি নতুন সংবিধানৰ নিয়ম অনুসৰি নিৰ্বাচনী বিষয়া হিচাপে ৰাজ্যৰ প্ৰাক্তন নিৰ্বাচন আয়োগৰ বিষয়া বীৰেন দত্তক নিযুক্তি দিয়া হৈছে।

ইফালে, বি চি চি আইৰ নতুন সংবিধানৰ নিয়ম অনুসৰি এজন মুখ্য কাৰ্যবাহী বিষয়া আৰু ৰাজ্যৰ ছটা মণ্ডলৰ বাবে ছজন মেনেজাৰো নিযুক্তি দিয়া হ’ব বুলি উপ-সভাপতি শইকীয়াই সংবাদমেলত প্ৰকাশ কৰে।

ইফালে কালিৰ সংবাদমেলত অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ বুঢ়াগোঁহাইও উপস্থিত থাকি সংবাদকর্মীয়ে সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।