NORTHEAST NOW (Assamese)

বিশ্বনাথত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদত বহিল বিদ্যুৎ বিভাগৰ কৰ্মচাৰী

October 30, 2018 1:37 pm · কাজি জেইদুল ইছলাম
ফটো নর্থ-ইষ্ট নাও

ক’লা বেজ পৰিধান কৰি এইবাৰ প্ৰতিবাদত বহিল বিদ্যুৎ বিভাগৰ কৰ্মচাৰী। আজি অসম ষ্টেট পাৱাৰ ৱৰকাৰ্ছ য়ুনিয়নৰ বিশ্বনাথ চাৰিআলি শাখাই ১৮ দফীয়া দাবী চনদ আদায়ৰ বাবে আন্দোলনৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

অসম শক্তি উৎপাদন নিগমৰ অন্তৰ্গত সকলো নিৰ্মীয়মান প্ৰকল্প শীঘ্ৰে সম্পুৰ্ণ কৰি সকলো প্ৰস্তাৱিত বিদ্যুৎ প্ৰকল্প কাৰ্য্যকৰী কৰা আৰু ৰাজ্যখনক বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাৰ বাবে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ চাৰিআলিস্থিত বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ সম্মুখত ২ ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।

সাধাৰণতে নিম্ন মানৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ বাবে ৰাজ্যত প্ৰায়ে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। যাৰ ফলত ৰাজ্যখনত বহুতো সাধাৰণ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক উন্নত মানৰ বিদ্যুৎ পৰিবাহী তাঁৰ, পুৰণি ট্ৰেন্সফৰ্মাৰ সলনি কৰি নতুন ট্ৰেন্সফৰ্মাৰ সংস্থাপন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰাৰ বাবে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা বুলি জনায়।

Related News