NORTHEAST NOW (Assamese)

ৰংজুলিত কৃষকৰ হাহাকাৰ : হাতীয়ে তহিলং কৰা ধাননিত কৃষকে এৰাল দিছে গৰু

October 30, 2018 1:46 pm · নীলমনি শর্মা
ৰংজুলি পাটপাৰাত হাতীয়ে খাই তহিলং কৰা পকা ধাননি পথাৰত এৰাল দিছে গৰু। ফটো: নৰ্থইষ্ট নাও

এতিয়া সোণগুটি চপোৱাৰ সময়। সেউজীয়া ধাননি ডৰা ক্ৰমাৎ সোণবৰণীয়া হৈ পৰিছে। গাৱঁৰ কৃষকৰ ব্যস্ততাৰ যেন অন্ত নাই ৷

কৃষকে খেতি চপোৱাৰ কামত ব্যস্ত থকাৰ এই সময়ত গোৱালপাৰাৰ ৰংজুলিত দেখা গৈছে এক বিপৰীত ছবি ৷ পথাৰৰ সোণগুটি চপোৱাৰ সময়ত খেতি পথাৰত গৰু এৰাল দিছে কৃষকে।

ৰংজুলি পাটপাৰাত সংঘটিত হৈছে এই ঘটনা। পথাৰত কৃষকে পকা ধানত গৰু এৰাল দিয়া দৃশ্য সচাকৈ হৃদয় বিদাৰক l বনৰীয়া হাতীয়ে পকা ধান খাই তহিলং কৰি যোৱাৰ পিছত দুৰ্ভগীয়া খেতিয়ক সকলে পকা ধাননি পথাৰত গৰু বান্ধিব লগা হৈছে।

ৰংজুলি অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাতৰি নতুন নহয় l হাতী-মানুহৰ সংঘাতৰ ভিন্ন অৱস্থা l কিন্তু আজিৰ দৃশ্য সঁচাকৈয়ে হৃদয় বিদাৰক l বাৰিষা হাড় ভগা পৰিশ্ৰম কৰি ৰোৱা শালি খেতি ডৰা এতিয়া পকিব ধৰিছে l সেই পকা ধানত নিজৰ পোহনীয়া গৰু বান্ধিব লগীয়া হৈছে ৰংজুলি পাটপাৰাৰ একাংশ দুৰ্ভগীয়া কৃষকে l

একেখিনি ধাননিতে এজাক বনৰীয়া হাতীয়ে ধাৰাবাহিকভাৱে খাই তহিলং কৰাৰ পিছত এতিয়া সেই ধান চপাবলৈ একো বাকী ৰোৱা নাই l আঘোণ মাহলৈ মাথোঁ কেইদিন মান বাকী থকা সময়তে সম্পূৰ্ণ উছন হৈ গৈছে পকা ধানৰ পথাৰ l সেয়ে তীব্ৰ হতাশাত ভাগি পৰিছে কৃষক সকল l

আনহাতে, খেতি সমূহ সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বন বিভাগে সহযোগ নকৰাৰ অভিযোগ কৰিছে ৰাইজে।

ইপিনে, নিৰুপায় কৃষকে বাৰিষাৰ কঠোৰ শ্ৰমেৰে কৰা খেতি ডৰা এতিয়া ঘৰলৈ নিয়াৰ সলনি গৰু এৰাল দিব লগা হৈছে। বছৰটো কেনেদৰে চলিব সেই কথা ভাবি পথাৰতে উচুপি উঠিছে বহু কৃষকে।

Related News