NORTHEAST NOW (Assamese)
অসম

দেউচুঙাত হাতীৰ গচকত এজনৰ মৃত্যু, হাতী-মানুহৰ সংঘাত ৰোধ কৰক : ডিৱাইএফ‌আই

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক October 25, 2023 9:34 pm

যোৱানিশা তামুলপুৰ জিলাৰ শুৱাগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দেউচুঙাত হাতীৰ গচকত বিনয় বৰ্মন নামৰ এগৰাকী ৪৬ বছৰীয়া ব্যক্তিৰ মৃত্যু হোৱা ঘটনাত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (ডিৱাইএফ‌আই)ৰ তামুলপুৰ জিলা কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে প্ৰত্যেক বছৰে হৈ থকা হাতী- মানুহৰ সংঘাত বন বিভাগে ৰোধ কৰিব নোৱাৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি সংগঠনটোৱে কয় যে তামুলপুৰ জিলাৰ দেউচুঙা, ওপৰখুঁটি, ভোলাঝাৰ, দাউৰাইঝাৰ, বাঙালীপাৰা আদি ভাৰত-ভূটান সীমান্ত তথা বৰনদী অভয়াৰণ্যৰ সমীপৱৰ্তী গাঁওসমূহত ধান পকিবলৈ লোৱাৰ সময়ত হাতী অহাটো নতুন কথা নহয়।

ফলত হাতী আৰু মানুহৰ মাজত প্ৰত্যেক বছৰে সংঘাতৰ সৃষ্টি হয় যদিও, বন বিভাগে ইয়াক ৰোধ কৰিবলৈ কোনো ফলপ্ৰসূ ব্যৱস্থা হাতত লোৱা নাই।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি খবৰ দিয়াৰ পাছতো সময়মতে বন বিভাগৰ লোক উপস্থিত নহয়। যাৰ পৰিণতিত হাতীয়ে ঘৰ-দুৱাৰ ভাঙি, শস্য নষ্ট কৰি যথেষ্ট ক্ষতিসাধন কৰাৰ লগতে প্ৰত্যেক বছৰে বহু লোকৰ প্ৰাণ কাঢ়ি নিয়ে।

বন বিভাগৰ এই নিৰ্লিপ্ততাৰ পৰিণতিত যোৱানিশা পুনৰ বিনয় বৰ্মন নামৰ লোকজনৰ মৃত্যুৰ ঘটনা অত্যন্ত দুখজনক। ডিৱাইএফ‌আই তামুলপুৰ জিলা কমিটিয়ে হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে মৃত ব্যক্তিগৰাকীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে।