NORTHEAST NOW (Assamese)
অসম

চিৰাঙত চোৰাং চিকাৰী গ্ৰেপ্তাৰ, দুটা হাতী দাঁত উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2020 11:44 am
Story-6-10-750x375

চিৰাং আৰক্ষীয়ে অভিযান চলাই এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী জনৰ নাম এলেন বসুমতাৰী।

চিৰাঙৰ বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে নৰ্থ ইষ্ট নাওক জনোৱা মতে ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত চোৰাংচিকাৰীয়ে বৃহৎ পৰিমাণত হাতী দাঁত মজুত কৰা বুলি খবৰ পোৱাৰ পিছতে এই বিষয়ে  আৰক্ষীৰ সৈতে যোগাযোগ কৰা হয়।

বন বিভাগৰ অনুৰোধত  চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই পাঁচজন চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ইয়াৰে চাৰিজনক সোধা-পোছাৰ অন্তত মুকলি কৰি দিয়া হ’য় যদিও এজন চোৰাং চিকাৰীক আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখে।

এলেন বসুমতাৰী নামৰ চোৰাং চিকাৰী জনৰ তথ্যৰ ভিত্তিত আৰক্ষী আৰু বন বিভাগে অভিযান চলাই ৬০ কিলোগ্ৰাম ওজনৰ দুটা হাতী দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বন বিষয়া পাতিৰিয়ে জনোৱা মতে ভাৰত-ভূটান সীমান্তত চোৰাং চিকাৰীয়ে আৰু অধিক হাতী দাঁত মজুত কৰি ৰখা বুলি সন্দেহ কৰা হৈছে।

লকডাউনৰ বাবেই চোৰাং চিকাৰীয়ে সেইবোৰ বাহিৰলৈ নিব পৰা নাই।

বন বিভাগে শীঘ্ৰে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাব বুলি তেওঁ প্ৰকাশ কৰে।