NORTHEAST NOW (Assamese)
অসম

মহিলাৰ সৈতে অসৎ আচৰণৰ বাবে উলিয়াই দিয়া ব্যক্তিয়ে ‘প্ৰতিশোধ’ত জ্বলাই দিলে বাৰ! মৃত ১১ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 23, 2023 11:59 am

মহিলাৰ লগত অসৎ আচৰণ কৰাৰ অপৰাধত উলিয়াই দিয়া এজন ব্যক্তিয়ে ‘প্ৰতিশোধ’ ল’বলৈ উভতি আহি বাৰত বোমা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। সেই ঘটনাত কমেও ১১ জন লোকৰ মৃত্যু হয়। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।

বাতৰি অনুসৰি, মেক্সিকোৰ এখন চহৰ ছান লুইছ ৰিঅ’ ক’লৰাড’ৰ এখন বাৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল এজন লোকক। তেওঁৰ বিৰুদ্ধে মহিলাৰ লগত অসৎ আচৰণ কৰাৰ অভিযোগ উঠে। তাৰ পিছত তেওঁক তাৰ পৰা উলিয়াই দিয়া হয়। এক সূত্ৰই দাবী কৰা মতে, অভিযুক্ত সেই বাৰখনৰে কৰ্মচাৰী আছিল।

লগতে পঢ়ক: হিংসাৰ পৰা ৰক্ষা নপৰিল স্বাধীনতা সংগ্ৰামীৰ ঘৰো; জীৱন্তে জ্বলাই দিয়া হৈছে তেওঁৰ পত্নীক

অভিযোগ অনুসৰি শনিবাৰে গভীৰ নিশা লোকজন উভতি আহে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে তেওঁ মাতাল অৱস্থাত আছিল। তাৰ পিছত তেওঁ বাৰৰ দুৱাৰমুখত মলোটভ ককটেল এটা দলিয়াই দিয়ে। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ক্ষিপ্ৰতাৰে অঞ্চলটোত উপস্থিত হয়।

বাতৰি মতে, এই ভয়ংকৰ বিস্ফোৰণত কমেও ১১ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত ৪ গৰাকী মহিলাও আছে। আহতসকলৰ ভিতৰতো ৪গৰাকী মহিলা আছে। মুঠতে আঘাতপ্ৰাপ্তৰ সংখ্যা ৭ জন। তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।