NORTHEAST NOW (Assamese)
Popular Stories

একেলগে গৰ্ভৱতী হ’ল একেখন হাস্পাতালৰ প্ৰসূতি বিভাগৰ ১০ গৰাকী নাৰ্চ, এগৰাকী চিকিৎসক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 14, 2022 10:38 am

শুনি আচৰিত যেন লাগিলেও আমেৰিকাৰ লিবাৰ্টি হাস্পাতলত এনেকুৱাই এক ঘটনা ঘটিছে। হাস্পাতলখনৰ প্ৰসূতি বিভাগত কাম কৰি থকা ১১গৰাকী মহিলাই একেলগে অন্ত:সত্তা হৈছে। তেওঁলোকৰ ভিতৰত ১০ গৰাকী নাৰ্চ আৰু এগৰাকী চিকিৎসক আছে।

অৱশ্যে এয়াই প্ৰথম নহয়, বিগত পাঁচ বছৰত আমেৰিকাত তৃতীয়বাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে, মাতৃ হ’বলগীয়া সকলোকেইগৰাকীয়ে জুলাইৰ পৰা নৱেম্বৰৰ ভিতৰত সন্তান জন্ম দিব। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, গৰ্ভৱতী মহিলাসকলে একেটা বিভাগতে কাম কৰে।

তেওঁলোকে জানিবলৈ দিছে যে “বাতৰিটো পোৱাৰ পিছত ভালেই লাগিছে। আমি সকলোৱে সকলোৰে যতন লওঁ।”

বাতৰিটো পোহৰলৈ অহাৰ পিছত বহুতেই ইয়াকলৈ ধেমালি কৰিছে। কিছুমানে কয় যে চিকিৎসালয়খনৰ পানীতে কিবা থাকিব লাগিব!

উল্লেখ্য যে ২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লেবাৰ এণ্ড ডেলিভাৰি ইউনিট অফ মেন মেডিকেল চেন্টাৰত এনে ঘটনা ঘটিছিল। সেইবাৰ একেটা বিভাগৰএ ৯ গৰাকী নাৰ্চ একেলগে গৰ্ভৱতী হৈছিল। ইয়াৰ পূৰ্বে, ২০১৮ চনত, আমেৰিকাৰ এণ্ডাৰচন চিকিৎসালয়ৰ আঠজন কৰ্মচাৰী একেলগে গৰ্ভৱতী হৈছিল।