NORTHEAST NOW (Assamese)
বাণিজ্য

অনিশ্চয়তাত মাস্কৰ টুইটাৰ ক্ৰয়ৰ চুক্তি: ৪৪ বিলিয়ন ডলাৰৰ টুইটাৰ চুক্তি স্থগিত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 13, 2022 6:33 pm
Elon Musk puts on hold Twitter deal

ছ’চিয়েল নেটৱৰ্কিং ছাইট টুইটাৰৰ মালিকীস্বত্ব হস্তান্তৰক লৈ অনিশ্চয়তাই দেখা দিছে।

ধনকুবেৰ এলন মাস্কে আজি টুইটাৰ যোগে ৪৪ বিলিয়ন ডলাৰৰ চুক্তি স্থগিত ৰাখিছে বুলি ঘোষণা কৰিছে।

 

উল্লেখ্য যে মাস্কে যোৱা মাহত জনপ্ৰিয় মাইক্ৰ’ব্লগিং ছাইটটো ৪৪ বিলিয়ন ডলাৰত ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছিল।

কিন্তু আজি মাস্কৰ ঘোষণাৰ পিছত তেওঁ চুক্তিৰ পৰা আঁতৰি আহিব পাৰে বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে মাস্কে পূৰ্বৰে পৰা টুইটাৰৰ মডাৰেচন নীতিৰ সমালোচনা কৰি আহিছে।