NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট ভাষাবিদ ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য গুৰুতৰভাৱে অসুস্থ

November 10, 2018 11:30 pm
Promod ch. Bhattacharya

লোক সংস্কৃতিৰ সাধক, বিশিষ্ট ভাষাবিদ সাহিত্যচাৰ্য ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। বিগত কেইবাদিনো ধৰি অসুস্থ হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা বিশিষ্ট ভাষাবিদ গৰাকীৰ আজি স্বাস্থ্যৰ বুজ লয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখযোগ্য যে বড়ো ভাষাৰ ওপৰত গৱেষণা কৰি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য গুৱাহাটী আলোচনা চক্ৰ, কাকলি মইনা পাৰিজাত, অসম প্ৰাকৃতিক কবি সন্মিলন, চানমাৰি সাহিত্য সভাৰ দৰে বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত।

ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰখতো উল্লেখযোগ্য অৱদান আগবঢ়োৱা ভট্টাচাৰ্য বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল।

আজি ভাষাবিদ গৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ সময়ত মুখ্য মন্ত্ৰীয়ে তেওঁৰ পুত্ৰ ড০ অপূৰ্ব ভট্টাচাৰ্যৰ পৰা তেখেতৰ শেহতীয়া স্বাস্থ্য সম্পৰ্কীয় দিশ সমূহৰ বুজ লোৱাৰ লগতে আশু-আৰোগ্য কামনা কৰে।

মুখ্য মন্ত্ৰীৰ সৈতে আজি ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ স্বাস্থ্যৰ বুজ লোৱাৰ সময়ত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীও উপস্থিত আছিল।