NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ বিশিষ্ট লেখক, সাহিত্যিক, শিক্ষাবিদ পুষ্প গগৈৰ মৃত্যু

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 14, 2019 8:47 pm
Pushpa Gogoi

শিৱসাগৰ জিলাৰ  বানমুখ পাতৰ গাঁৱৰ নিবাসী বিশিষ্ট লেখক, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সাহিত্যিক বিশিষ্ট  সমাজকৰ্মী পুষ্প গগৈ(৭৫)ৰ আজি পুৱা নিজা বাসগৃহত মৃত্যু হয়।

শিৱসাগৰৰ বিশিষ্ট সমাজকৰ্মী তথা সমন্বয় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ৰাজ‍্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক, শিক্ষাৰত্ন বঁটা প্ৰাপক, আদৰ্শ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আদিৰ লগতে জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ গুৰু দায়িত্ব পালন কৰাৰ লগতে অসমীয়া সাহিত্য জগতলৈ কেইবাখনো গ্ৰন্থ আগবঢ়াই গৈছে।

সাহিত্যিকগৰাকীৰ মৃত্যুত শিৱসাগৰ জিলা সাহিত্য সভা, ৰাজ‍্যিক কৃতী শিক্ষক সন্মিলন, বানমূখ উচ্চ মাধ্যমিক বিদ্যালয়, সমন্বয় সাহিত্য সভা, আদৰ্শ বিদ্যালয়, দিচাংমুখ প্ৰেছ ক্লাব, গ্ৰাম্য সাংবাদিক সন্থা, আহোম ৰয়েল ছ’চাইটি শিৱসাগৰ জিলা সমিতি, উজনি অসম মুছলিম কল্যান পৰিষদ, ৰংপুৰ নাগৰিক মঞ্চ, দিখৌপৰীয়া সন্মিলীত যুৱ সংঘৰ লগতে বহু অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি আদিয়ে  গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।