NORTHEAST NOW (Assamese)

শংকৰী কলা কৃষ্টিৰ সাধক খগেন কলিতাৰ মৃত্যু

November 12, 2020 8:20 pm · ভাৰ্গৱ হাজৰিকা

নগাঁও জিলাৰ পুৰণিগুদাম বৰ পানীগাঁৱৰ বাসিন্দা তথা শংকৰী কলা কৃষ্টিৰ সাধক খগেন কলিতা (৬৫) বুধবাৰে সন্ধ্যা ৬-১৫ বজাত মৃত্যু হয়।

উচ্চ ৰক্তচাপ ৰোগত কেইদিনমান পূৰ্বে গুৰুত্বৰ ভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক নগাঁৱৰ এখন ব্যক্তিগত চিকিংসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জি.এন.আৰ.চি. চিকিৎসালয়ত ভৰ্তি কৰায়।

স্বাস্থ্যৰ কোনো পৰিবৰ্তন নোহোৱাত তেওঁক পৰিয়ালৰ লোকে পুৰণিগুদামৰ নিজা বাসভৱনলৈ লৈ ঘূৰাই আনে যদিও যোৱা কালি সন্ধ্যা গুৱাহাটীৰ পৰা নিজা গৃহ অভিমূখী ওভতনি যাত্ৰা পথতেই ইহলীলা সম্বৰণ কৰে কলিতাই।

অসমীয়া ভাওনাত ভাওৰীয়া সজোৱাৰ এজন সুদক্ষ খনিকৰ হোৱাৰ উপৰিও ভাৱৰীয়া পোছাক তৈয়াৰ কৰি সমগ্ৰ নগাঁও জিলাতে অসমীয়া ভাওনা সংস্কৃতিৰ সাধক হিছাপে পৰিচয় দিয়া এইজন খগেন কলিতাৰ মৃত্যুত সমগ্ৰ পুৰণিগুদাম অঞ্চলত শোকৰ ছাঁ পৰিছে।

অসমীয়া ভাওনা সংস্কৃতিৰ লগত জীৱনৰ বেছিভাগ সময় জড়িত থকাৰ লগতে বিভিন্ন সামাজিক কামত জড়িত হৈ সমাজ সেৱকৰ পৰিচয় ডাঙি ধৰিছিল। যাৰ বাবে কলিতালৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ নিমিত্তে তেওঁৰ বিয়োগৰ বাতৰি পাই পুৰণিগুদামৰ কলিতাচুক স্থিত বাসগৃহত উপস্থিত হোৱা ৰাইজে তেখেতৰ নশ্বৰদেহ লৈ নাম গাই অঞ্চলটোত এক শুভযাত্ৰা বাহিৰ কৰা পৰিলক্ষিত হয়।

কলিতাই মৃত্যুৰ সময়ত পত্নী, সাংবাদিক পুত্ৰ কাবুল কলিতা সহ দুজন পুত্ৰ বোৱাৰী, নাতি ইহ সংসাৰত এৰি থৈ যায়। অসমীয়া ভাওনাক জীৱনৰ ব্ৰত হিছাপে বাছি লোৱা খগেন কলিতাৰ মৃত্যুত পুৰণিগুদামৰ লগতে আশে পাশে থকা অধিকাংশ নামঘৰৰ পৰিচালনা সমিতি, ৰাস উদযাপন সমিতি, কৰৈয়নী বাৰগঞা ভাওনা সমিতি, পাৰঘাট শংকৰ মন্দিৰৰ লগতে পুৰণিগুদাম প্ৰেছ ক্লাৱ, চামগুৰি ইলেক্ট্ৰনিক মিডিয়া এচছিয়েশ্চন(নেমা)কে ধৰি পুৰণিগুদামৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Related News