NORTHEAST NOW (Assamese)

চিনেমাৰ পৰ্দাত দেখা পোৱা নাযাব নেকি এম্মা ৱাটছনক? অনুৰাগীৰ মাজত লাগিল হাহাকাৰ

February 26, 2021 11:05 am · এন ই নাও নিউজ
Updated: February 26, 2021 11:16 am

হলিউদৰ জনপ্রিয় অভিনেত্ৰী এম্মা ৱাটছনে অভিনয় কেৰিয়াৰৰ পৰা অৱসৰ ল’লে নেকি?

এই বিষয়টো লৈ ত্ৰিশ বছৰীয়া অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলে কাতৰ অনুৰোধ কৰিছে যাতে এমাই পুনৰ চিনেমাৰ পৰ্দালৈ উভটি আহে।

আচলতে শেহতীয়াকৈ বহুদিন ধৰি এমাই চ’চিয়েল মিডিয়াত সক্ৰীয় ৰূপত নাই, সেয়ে গুজৱ উলাইছে যে অভিনেত্ৰীগৰাকীয়ে গ্লেমাৰ জগতখনৰ পৰা আঁতৰি গৈছে?

কিন্তু এই গুজৱটোৱে সৃষ্টি কৰা হৈ-চৈৰ পাছত তেওঁৰ মেনেজাৰে ঘোষণা কৰিছে যে কথাটো মিছা। এম্মাই অভিনয় কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ কোনো পৰিকল্পনাৰ কথা ভবা নাই।

মেনেজাৰ জেচন ৱেইনবাৰ্গে বৃহস্পতিবাৰে এণ্টাৰটেইণমেণ্ট উইকলী নামৰ আলোচনীখনলে পঠোৱা এটা বিবৃত্তিত কয় যে এম্মাৰ চ’চিয়েল মিডিয়া একাউণ্টসমূহহে নিষ্ক্ৰিয় হৈ আছে, কিন্তু তেওঁৰ কেৰিয়াৰ ঠিকে চলি আছে।

ডেইলী মেইল কাকতত দেওবাৰে এটা বাতৰি প্ৰকাশ হৈছিল এম্মাই বয়ফ্ৰেণ্ড লিঅ’ ৰবিনটনৰ স’তে সংসাৰ তৰিবলৈ অভিনয় বাদ দিছে।

তাৰ পাছতে টুইটাৰত অনুৰাগীসকল ব্যস্ত হৈ পৰে এম্মাক লৈ। অসংখ্য অনুৰাগীয়ে সিদ্ধান্তটো উঠাই ল’বলৈ অনুৰোধ কৰে।

২০০১ চনত ‘হেৰি পটাৰ এণ্ড দা ফিলচফাৰছ ষ্ট’ন’ৰে মাত্ৰ এঘাৰ বছৰ বয়সতে চিনেমা জগতখনত খোজ পেলোৱা অভিনেত্ৰীগৰাকীয়ে পাছলে জে কে ৰাউলিঙৰ চিৰিজটোৰ আটাইকেওখন চিনেমাতে মুখ্য ভুমিকাত অভিনয় কৰি প্ৰভূত জনপ্ৰিয়তা লাভ কৰিছিল।

ইয়াৰ উপৰিও ২০১৪ চনত নাৰী অধিকাৰ কৰ্মী হিচাপে ৰাষ্ট্ৰসংঘৰ গুডউইল এম্বেচাদৰ হিচাপেও নিযুক্ত হৈছিল।

শেষবাৰৰ বাবে এম্মাক দেখা পোৱা গৈছিল ২০১৯ চনৰ ‘লিটল ৱমেন’ নামৰ চিনেমাখনত।

Related News