NORTHEAST NOW (Assamese)
অসম

তিনি-চাৰি মাহে দিয়া নাই পাৰিতোষিক; টীয়কত ঠিকাদাৰী প্ৰতিষ্ঠানৰ ফকলেন জব্দ কৰ্মচাৰীৰ

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক March 1, 2022 7:52 am
Faukland vehicle seized.pngby workers

শিৱসাগৰ জিলাত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত নিয়োজিত তথা জিডিচিএল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা উপঠিকা লাভ কৰা ভি এছ ডি ইনফ্ৰা নামৰ এটি প্ৰতিষ্ঠানৰ এখন ফকলেন প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীয়ে টীয়কৰ তেল ডিপুৰ সমীপত সোমবাৰে জব্দ কৰে।

জানিব পৰা মতে ভি এছ ডি ইনফ্ৰা নামৰ প্ৰতিষ্ঠানটোত কৰ্মৰত স্থানীয় কৰ্মচাৰীসকলক যোৱা তিনি-চাৰি মাহে প্ৰতিষ্ঠানটোৱে পাৰিতোষিক প্ৰদান কৰা নাই।

প্ৰতিষ্ঠানটোৱে লগতে জাঁজী দলঘৰৰ পৰা ডিমৌ পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাই পথৰ সম্প্ৰসাৰণৰ কামো বন্ধ ৰাখিছে।

কিন্তু কাম বন্ধ ৰখাৰ সমান্তৰালকৈ প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীসকলক দা- দৰমহা নিদি আজি কিছুদিনৰ পৰা শিৱসাগৰৰ ভেলাগুৰিস্থিত কেম্পৰ পৰা তেওঁলোকৰ সামগ্ৰীসমূহ মনে মনে লৈ গৈছে।

লগতে পঢ়ক: শিলিখা চাহ বাগিচাৰ পৰা উদ্ধাৰ কৰি অনা আহত নাহৰফুটুকীৰ পোৱালীৰ মৃত্যু

এনেদৰে সোমবাৰে এখন ফকলেন লৈ যাবলৈ ধৰাত প্ৰতিষ্ঠানটোত দৰমহা নোপোৱাকৈ কাম কৰি থকা একাংশ কৰ্মচাৰীয়ে টীয়কৰ কলিয়াপানীত ফকলেনখন জব্দ কৰি পুনৰ কেম্পলৈ ঘূৰাই নিয়াৰ চেষ্টা চলায়।

কৰ্মচাৰীসকলে লগতে প্ৰাপ্য অনাদায় দৰমহা নিদিয়া পৰ্যন্ত কোনো সামগ্ৰী কেম্পৰ পৰা লৈ যাব নোৱাৰিব বুলি প্ৰতিষ্ঠানটোক সকীয়াই দিয়ে।